ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যৰ ৪ টা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনত তিনিটা সমষ্টিত শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে জনিয়াত গেৰুৱা দলৰ প্ৰাৰ্থীয়ে তৃতীয় স্থান লাভ কৰে। বৃহস্পতিবাৰে ঘোষিত ফলাফল অনুসৰি জনিয়াত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় এআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে। দ্বিতীয় স্থানত থাকে কংগ্ৰেছৰ প্ৰাৰ্থী ছামচুল হক। হকে ৪৬,৫৭১ টা ভোট লাভ কৰাৰ বিপৰীতে বিজয়ী ইছলামে ৮১,৬০৮ টা ভোট লাভ কৰে। তৃতীয় স্থানত থকা বিজেপিৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানে ১৫,২৩৯ টা ভোট লাভ কৰিবলৈ সক্ষম হয়।













