ASSAM TIMES POST
নগাঁও: নগাঁও আৰক্ষীয়ে কামপুৰ আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই কালি নিশা জিলাখনৰ কচুৱাৰ পৰা বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰীৰ সৈতে এগৰাকী মহিলাক আটক কৰে।আটকাধীন মহিলাগৰাকীৰ নাম নুৰনেচা খাটুন।মহিলা গৰাকীৰ বাসগৃহৰ পৰাই আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰে।আৰক্ষী সূত্ৰে জানিব পৰা মতে নগাঁৱৰ ম’হখুলিৰ ইন্টাজ আলি নামৰ এজন লোকে এই নিচাযুক্ত সামগ্ৰীখিনি মহিলাগৰাকীৰ ঘৰত ৰাখিছিল।আৰক্ষীয়ে অভিযানত ৩১০০ টা কফ চিৰাপৰ বটল জব্দ কৰিছে।আৰক্ষীয়ে ঘটনা সম্পৰ্কত গোচৰ ৰুজু কৰি ইন্টাজ আলি নামৰ আন জন অভিযুক্তক কৰায়ত্ব কৰিবলৈ অভিযান আৰম্ভ কৰিছে।