ASSAM TIMES POST
নগাঁও ২৫ অক্টোবৰ: পোহৰৰ উৎসৱ দীপান্বিতাক আদৰিবলৈ ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী। এটা দিনৰ পাচতেই চৌপাশ আলোকসজ্জাৰে উজ্জ্বলি উঠিব । আনহাতে আলোকসজ্জাৰ সমান্তৰালকৈ ফটকা, আতচবাজিৰ শব্দৰে মুখৰিত হব জনাঞ্চল । দীপান্বিতাৰ এনে আনন্দ -উছাহৰ মাজত ফটকাই সৃষ্টি কৰিব পৰা শব্দ প্ৰদূষণক লৈ উদ্বিগ্ন হৈ পৰিছে সচেতন সমাজ।দীপাৱলীত ফটকাৰ শব্দৰ বিপৰীতে মৃন্ময় বন্তিৰ পোহৰেৰে নিজৰু ঘৰখন অথবা অঞ্চলক আলোকিত কৰি তুলিবলৈ আহ্বান জনাইছে নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।














