ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড় :উজনি অসমৰ এখন আগশাৰীৰ বাতৰি কাকতৰ বিতৰক-পৰিবেশক তথা চহৰখনৰ আৰ কে বি পথৰ থানা চাৰিআলিত অৱস্থিত এচ চি গুপ্তৰ স্বত্বাধিকাৰী সৌমেন্দ্ৰ চন্দ্ৰ গুপ্তৰ(৫০)আজি পুৱা প্ৰায় ১০:১৫ বজাত ৰক্ত চাপজনিত কাৰনত অসম মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।চহৰখনৰ খলিহামাৰী বৰপুখুৰী পাৰৰ পুন্যেন্দ্ৰ চন্দ্ৰ গুপ্ত আৰু পুস্প গুপ্তৰ দ্বিতীয় সন্তান,গুপ্তই মৃত্যুৰ সময়ত নিজ পত্নী ৰমা গুপ্তৰ লগতে দুগৰাকীকৈ জীয়ৰী আৰু অনেক আত্মীয়স্বজন-শুভাকাংশীক এৰি থৈ যায়।আজি দুপৰীয়া তেখেতক চৌকিডিঙীৰ ৰাজহুৱা শশ্মশানত অযস্ৰ লোকৰ উপস্থিতিত শেষকৃত্য সম্পন কৰা হয়।১৯৩৩ চনতে ডিব্ৰুগড়ত স্থাপিত অসমৰ এখন বাটকতীয়া বাতৰি কাকত এচ চি গুপ্তৰ স্বত্বাধিকাৰী গুপ্তৰ এনে অকাল মৃত্যুত সৰ্বত্ৰে গভীৰ শোকৰ ছাঁ পৰাৰ লগতে ডিব্ৰুগড়ৰ বাতৰি কাকতৰ অন্যতম পৰিবেশক সুৰভী সাহিত্য কুটীৰৰ স্বত্বাধিকাৰী শ্ৰীকান্ত ভৰালীয়ে গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।