![]()
ধুবুৰী জিলাৰ আগমণিৰ ঘাটপাৰৰ গংগাধৰ নৈত গা ধুবলৈ গৈ দুইগৰাকী ছাত্ৰ ক্ৰমে নয়ন আবেদিন আৰু ইমৰান আহমেদ পানীৰ প্ৰবল সোঁতত পৰি নিখোজ হয়। স্থানীয় ৰাইজ আৰু এছ ডি আৰ এফ বাহিনীৰ দুগৰাকী ছাত্ৰৰ সন্ধান কৰে যদিও বাতৰি লিখা সময়লৈকে কোনো শুং সূত্ৰ পোৱা নাই।
আজি দুপৰীয়া আগমণিৰ পাঁচ গৰাকী ছাত্ৰই একেলগে নৈখনত গা ধুবলৈ নামে যদিও আটাইকেইগৰাকী ছাত্ৰ পানীৰ প্ৰবাল সোঁতত পৰে । তেনেতে তাত উপস্থিত থকা ৰাইজে তিনিজনক পানীৰ পৰা আপ্ৰাণ চেষ্টা কৰি কোনো মতে উঠাই আনে।
সেৰ নগৰ গাওঁৰ শুনামধন্য গায়িকা হামিদা সৰকাৰ আৰু শিক্ষক সাজিদুল আবেদিনৰ পুত্ৰ নয়ন আবেদিন দশম শ্ৰেণীত আৰু প্ৰবীণ ব্যৱসায়ী আতাউৰ ৰহমানৰ পুত্ৰ ইমৰান আহমেদ নৱম শ্ৰেণীৰ ছাত্ৰ । দুয়ো গৰাকীৰ ঘৰ শ্বেৰণগৰ গাওঁত ।
আনকি নিখোজ নয়ন আবেদিন এগৰাকীশিল্পী । সুন্দৰ গীত গোৱা শিল্পী গৰাকীকে ধৰি দুই গৰাকী ছাত্ৰ এনেদৰে নিখোজ হোৱাত অঞ্চলটোৰ শোকৰ ছাঁ পৰিছে ।













