![]()
নগাঁও পুলিচ ৰিজাৰ্ভৰ ভিতৰৰ চৰকাৰী আৱাসগৃহত চোৰে প্ৰৱেশ কৰি নগদ ধন আৰু সোণৰ গহনাৰ লগতে নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দেহৰক্ষী হিচাবে কৰ্মৰত অৰুণজ্যোতি শইকীয়া নামে কনিষ্টবল গৰাকীৰ পৰা AK47 ৰাইফলৰ ৯০ জাঁই সজীৱ গুলীও লুটি নিয়ে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
যোৱা ৫দিন পূৰ্বে এই চুৰিকাণ্ড সংঘটিত হয়। কনিষ্টবল গৰাকীৰ নগাঁও পুলিচ ৰিজাৰ্ভৰ ভিতৰৰ চৰকাৰী আৱাসগৃহত চোৰে প্ৰৱেশ কৰি নগদ ধন আৰু সোণৰ গহনা (Gold Jewelry)ৰ লগতে তেওঁৰ AK47 ৰাইফলৰ ৯০ জাঁই সজীৱ গুলীও লুটি নিয়ে। এই ঘটনাৰ পিছতে নগাঁও আৰক্ষী অধীক্ষকে অৰুণজ্যোতি শইকীয়া নামৰ কনিষ্টবলজনক চাকৰিৰ পৰা নিলম্বন কৰিছে।
সাধাৰণ চোৰে এনেদৰে আৰক্ষীৰ AK47 ৰাইফলৰ গুলী চুৰি কৰাৰ দু:সাহস কোনো কাৰণতে নকৰে। সেয়েহে, ঘটনাৰ অন্তৰালত কোনো জেহাদী অথবা উগ্ৰপন্থী সংগঠনৰ সদস্য জড়িত থকাৰ সন্দেহো নুই কৰিব নোৱাৰি! অৱশ্যে বিষয়টোৰ সন্দৰ্ভত সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে নগাঁও আৰক্ষীয়ে।












