![]()
প্ৰায় দুশ কোটি টকা ব্যয়সাপেক্ষে ডিফু চহৰৰ মাজমজিয়াত নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্যৰ আজি শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহীগৰাকীয়ে সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে উৰণীয়া সেঁতুৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি মন্তব্য কৰে। প্ৰায় এক কিঃমিঃ দৈৰ্ঘৰ দলং খন নিৰ্মাণৰ ক্ষেত্ৰত নিৰ্মাণকাৰী পক্ষত সকলোধৰণৰ সহযোগীতা আগবঢ়োৱা বাবে স্থানীয় লোকসকলৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে আহ্বান জনায়।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, বিগত বৰ্ষতে সেঁতু নিৰ্মাণৰ বাবে ভূমি পূজনত ভাগ লৈছিল অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্যযে উৰণীয়া সেঁতুটোৰ নিৰ্মাণ কাৰ্যৰ দায়িত্ব লৈছে অনুপম নিৰ্মাণ প্ৰাইভেট কোম্পানী লিমিটেডে












