![]()
অসমৰ বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ববিদ্যালয়ৰ ডিফু চৌহদত পালন কৰা হয়। কাৰ্যসূচী অনুসৰি, আজি দিনৰ এঘাৰ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং।
মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত প্ৰদান কৰা ভাষণ মুখ্য কাৰ্যবাহীগৰাকীয়ে অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদে পাহাৰীয়া জিলাখনৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত বিশেষ যোগাত্মক প্ৰভাৱ পেলোৱা বুলি মন্তব্য কৰে।
পূৰ্বে অনা স্থানত গৈ জিলাখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীসকলৰ শিক্ষাগ্ৰহণৰ সামৰ্থ নাছিল যদিও ডিফুত উচ্চ শিক্ষা লাভ কৰা পিছত সেই অসুবিধা দূৰ হোৱা বুলি উল্লেখ কৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে স্বাক্ষৰিত হোৱা শান্তিচুক্তি অনুসৰি অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদক পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলা হ’ব বুলি মন্তব্য কৰে।
আনহাতে, বিশ্ববিদ্যালয়খনৰ বাবে পৰিষদৰ তৰফৰ পৰা পূৰ্বে ৪৫০ বিঘা মাটি প্ৰদান কৰা হৈছিল যদিও এতিয়া তিনি হাজাৰ বিঘা ভূমি বিশ্ববিদ্যালয়ৰ নামত আৱণ্টন দিয়াৰ বাবে পৰিষদে সিদ্ধান্ত লোৱা বুলি অৱগত কৰে।
লগতে, পৰিষদীয় চৰকাৰখনে শিক্ষাক বিশেষ অগ্ৰাধিকাৰ দিয়া বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰি পাহাৰীয়া জিলা দুখনত প্ৰতিষ্ঠা হ’বলগীয়া বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ সম্পৰ্কেও বিস্তৃত ব্যাখ্যা আগবঢ়ায়।
প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি মুখ্য কাৰ্যবাহীগৰাকীয়ে এশখন বিচনাযুক্ত খৰছিং তেৰাং ছাত্ৰাবাসৰো শুভ উদ্বোধন কৰে। গাম্ভীৰ্যপূ্ৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ সভাত অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ প্ৰ উপাচাৰ্য প্ৰফেছাৰ শিৱাশিষ বিশ্বাসে আদৰণি ভাষণ দিয়াৰ লগতে প্ৰতিষ্ঠা দিৱসৰ ভাষণ আগবঢ়ায় অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰাজীৱ মোহন পণ্টে।
পদ্মশ্ৰী বঁটাপ্ৰাপক সাহিত্যিক ধনেশ্বৰ ইংতি আৰু কাৰ্বি ভাষা উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ লংছিং টেৰণ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কেইবাগৰাকী পৰিষদীয় সদস্য উপস্থিত থাকে।













