![]()
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কʼলে সেই কথা আলোকপাত কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনত বিশ্ব শান্তিৰ বাবে অনুৰোধ জনায়।
মঙলবাৰে ৰাষ্ট্ৰসংঘৰ ৭৭ সংখ্যক সাধাৰণ অধিবেশনৰ মঞ্চত বিশ্ব নেতাসকলৰ সন্মুখত মেক্ৰনে কয়, “ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক কৈছিল, এতিয়া যুদ্ধৰ সময় নহয়, তেওঁ সঠিককৈয়ে কৈছিল।”
উল্লেখ্য, ১৬ ছেপ্টেম্বৰত উজবেকিস্তানৰ সমৰকন্দত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা (এছচিঅʼ) সন্মিলনত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিছিল পুটিনে। তাতে মোদীয়ে ৰাছিয়াৰ নেতাজনক কৈছিল, “আজিৰ যুগ যুদ্ধৰ কথা কোৱা যুগ নহয়।”
সেই বিষয়টো উত্থাপন কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সাধাৰণ অধিবেশনৰ মঞ্চত শান্তিৰ বাবে অনুৰোধ জনায়। মেক্ৰনে কয়, “ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঠিকেই কৈছে, এয়া যুদ্ধৰ সময় নহয়। পশ্চিমৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ বা পশ্চিমক পূবৰ বিৰুদ্ধে কৰাৰ সময় এইটো নহয়। আচলতে প্ৰতিখন সাৰ্বভৌম দেশৰ বাবে হাতে হাত ধৰি বিভিন্ন বাধা অতিক্ৰম কৰাৰ সময়।”
ইউক্ৰেইন যুদ্ধৰ বিষয়ে কোৱাৰ সময়ত মেক্ৰনে কয়, “ৰাছিয়াই আচলতে দ্বৈততাৰ নীতি দাঙি ধৰিবলৈ চেষ্টা কৰিছে। কিন্তু পৰিস্থিতি এনেকুৱা যে এই সংঘাতৰ পৰিবেশৰ পৰা আঁতৰি থকাটোও সম্ভৱ নহয়।” উল্লেখ্য, মোদীয়ে পুটিনৰ আগত কোৱা কথাখিনি সমগ্ৰ বিশ্বতে প্ৰশংসা কৰা হৈছে। এইবাৰ বিষয়টো আহিল আন এখন দেশৰ মুৰব্বীৰ ভাষণত।











