![]()
দক্ষিণ দিল্লীৰ ওখলাৰ এখন চিকিৎসালয়ত গভীৰ নিশা সৃষ্টি হয় সংঘৰ্ষ। আৰক্ষীৰ মতে, মেডিকেল কলেজ হাস্পতালত দুই দলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষ চলে। সেই সময়তে আৰম্ভ হয় গুলীচালনাও। আৰক্ষীয়ে জনোৱা মতে, ঘটনাটোত এজন লোক আহত হৈছে।
চিকিৎসালয়খনৰ এগৰাকী চিকিৎসকে জানিবলৈ দিয়া মতে, গুলীচালনাৰ পিছত সাময়িকভাৱে আতংক বিয়পি পৰে। কিন্তু তাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলিও তেওঁ কয়। তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে উক্ত স্থানলৈ যায়। এই ঘটনাত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আহত ব্যক্তিজন এজন ছাত্ৰ বুলি আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত প্ৰকাশ কৰিছে।










