![]()
অৱশেষত তিনি দিন ধৰি চলোৱা দুঃসাহসিক আৰু নিৰন্তৰ অভিযানৰ অন্তত উদ্ধাৰ হল যোৱা শণিবাৰৰ পৰা মাঞ্জাৰ সমীপৰ লাংৱকু জলপ্ৰপাতত নিৰুদ্দিষ্ট হৈ থকা ডিমাপুৰৰ যুৱক সুৰেশ চাকমাৰ মৃতদেহ৷
প্ৰাপ্ত খবৰ অনুসৰি মাঞ্জা আৰক্ষী, এছডিআৰএফৰ দল,অগ্নিনিৰ্বাপক বাহিনী,লাংৱকু জলপ্ৰপাত উন্নয়ন সমিতি আৰু স্থানীয় ৰাইজে শণিবাৰৰ পৰা চলোৱা অভিযানৰ অন্তত আজি জলপ্ৰপাতটোৰ দুটা শিলৰ ফাঁকৰ পৰা সুৰেশ চাকমাৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
উল্লেখযোগ্যযে যোৱা শণিবাৰে ডিমাপুৰৰ পৰা বন্ধু সহ লাংৱকু জলপ্ৰপাতত জলপ্ৰপাতটোৰ নৈসৰ্গিক আৰু মনোমোহা দৃশ্যাৱলী উপভোগ কৰিবলৈ আহি চেলফি উঠিবলৈ গৈ দুৰ্ভাগ্য বশতঃ শিলৰ পৰা পিছল খাই পৰি জলপ্ৰপাতচোৰ পানীত নিৰুদ্দিষ্ট পৰিছিল সুৰেশ চাকমা













