![]()
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মাজনিশা অঘটন। ঢাকাইপট্টিৰ ৰেইহান উদ্দিন আহমেদ নামৰ এজন সেনা জোৱানে চিকিৎসকক আক্ৰমণ কৰে। খবৰ অনুসৰি, সেনা জোৱান জনে নিশা উক্ত চিকিৎসালয়খনলৈ সন্তানক অনাৰ পিছত চিকিৎসক ডাঃ গুণীন্দ্ৰ বৰদলৈয়ে শিশুটিক ম’হখুলিত থকা শিশু আৰু প্ৰসূতি চিকিৎসালয়লৈ নিবলৈ কয়।
সেই সময়তে উত্তেজিত হৈ সেনা জোৱান জনে চিকিৎসক গৰাকীক আক্ৰমণ কৰে।পৰৱৰ্তী সময়ত, সেনা জোৱান জনক চিকিৎসালয়ৰ কৰ্মচাৰীয়ে আবদ্ধ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ৰেইহানক আটক কৰি আদালতত হাজিৰ কৰায়। সেই অনুসৰি, আদালতে আক্ৰমণকাৰী জোৱানগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।












