![]()
আজি কৰিমগঞ্জ আৰক্ষীয়ে তিনি চোৰাং ড্ৰাগছ ব্যৱসায়ীৰ লগতে ৪৮ টা পেকেটত ৬২১ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাস আৰু বদৰপুৰ আৰক্ষী থানাৰ অ’চি চন্দন গোস্বামীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে বদৰপুৰঘাটৰ নাকা চেক গেটত মিজোৰামৰ পৰা শিলচৰ হৈ কৰিমগঞ্জ অভিমুখে অহা এখন এল্ট’ গাড়ীত তালাচী চলাই প্ৰায় ৪ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে।
এই সফলতাৰ পিছত বদৰপুৰত আয়োজিত এখন সংবাদমেলত কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাসে কয় ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে।আজি আটক কৰা অভিযুক্ত কেইজন হ’ল ক্ৰমে ইছলাম উদ্দিন, হোছেইন আহমেদ আৰু আব্দুল লতিফ।
তেওঁলোকক বদৰপুৰ আৰক্ষী থানাত আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলিও তেওঁ জানিবলৈ দিয়ে। এই ছিণ্ডিকেটৰ সৈতে জড়িত আন আন পাণ্ডাকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে।












