![]()
নগাঁও চহৰৰ ফৌজদাৰীপট্টি স্হিত ১৯৫৬ চনৰ ২৭ অক্টোবৰত স্হাপিত সামাজিক-সাংস্কৃতিক অনুষ্ঠান নগাঁও কলা মন্দিৰৰ আজি ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা নগাঁও কলা মন্দিৰ চৌহদত পতাকা উত্তোলন কৰে সভাপতি ডাঃ কেশৱানন্দ গোস্বামীয়ে ।
ইয়াৰ পাচতে নগাঁও কলা মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও মহাবিদ্যালয় ( স্বতন্ত্ৰ )ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে নগাঁও তথা ৰাজ্যখনৰ সামাজিক,সাংস্কৃতিক, ৰাজনৈতিককে ধৰি বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ফৌজদাৰীপট্টি অঞ্চলৰ প্ৰয়াত বৰেণ্য ব্যক্তি সকলক স্মৰণ কৰি কয় যে ফৌজদাৰীপট্টি অঞ্চলক বাদ দি সাংস্কৃতিকেই হওঁক কিম্বা ৰাজনৈতিকেই হওঁক নগাঁৱৰ বুৰঞ্জী অসম্পূৰ্ণ হৈ ৰ’ব ।
আনহাতে গোলকীকৰণৰ প্ৰভাৱৰ লগতে আধুনিক প্ৰযুক্তিবিদ্যা আৰু বহুজাতিক কোম্পানীয়ে বৰ্তমান মানুহৰ চিন্তা আৰু জীৱন প্ৰণালী নিয়ন্ত্ৰণ কৰা বুলি উল্লেখ কৰি ডঃ বৰকটকীয়ে লগতে কয় যে আধুনিক প্রযুক্তিৰে নিমিষতে দূৰৈৰ মানুহৰ লগত সংযোগ স্হাপনৰ ব্যৱস্হা থকাৰ পাচতো মানুহ যেন নিজৰ ঘৰখনতেই নিসংগ হৈ পৰিব ধৰিছে।
সেয়ে কলা মন্দিৰৰ দৰে অনুষ্ঠানে গন সম্পৰ্ক ৰক্ষাত বিশেষ ভূমিকা পালন কৰি আহিছে । ত্ৰিৱেণী শইকীয়াই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় । সভাত কলা মন্দিৰৰ সভাপতি ডাঃ কেশৱানন্দ গোস্বামী, ললিত দত্ত,মহলা আয়ুক্ত মুক্তা জয়ছোৱল প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
আনহাতে আজিৰ সভাত সাহিত্য, সংস্কৃতি, সাংবাদিকতাকে ধৰি বিভিন্ন ক্ষেত্ৰত জড়িত নগাঁৱৰ দহ গৰাকী ব্যক্তিক নগাঁও কলা মন্দিৰ আজীৱন সদস্য প্ৰদানেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
ফৌজদাৰীপট্টি অঞ্চলৰ মহিলাসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে নগাঁও কলা মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সামৰণি পৰে ।













