![]()
ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়াৰ চাঞ্চল্যকৰ আত্মহত্যাৰ সৈতে জড়িত অভিযুক্ত আজিজ খানে আজি ডিব্ৰুগড় আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। ৭ জুলাইৰ উক্ত আত্মহত্যাৰ ঘটনা সংঘটিত হোৱাৰ পাছত সুদীৰ্ঘ প্ৰায় ৪ মাহ ধৰি পলায়ন কৰি থকা আজিজে আজি আত্মসমৰ্পণ কৰে।
উল্লেখ্য যে, এই আত্মহত্যাৰ ঘটনাৰ সৈতে জড়িত আন আন অভিযুক্ত ক্ৰমে বৈদ্দুল্লা খান, নিছান্ত শৰ্মা আৰু ছামছুল্লা খানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। ইয়াৰ পিছতেই অভিযুক্ত সঞ্জয় শৰ্মাইয়ো আত্মসমৰ্পণ কৰে।
মন কৰিবলগীয়া যে, ডিব্ৰুগড়ৰ শনিমন্দিৰ নিবাসী বিনীত বাগাৰীয়ায়ে ৭ জুলাইত ভাড়াতীয়া হিচাবে থকা উক্ত ব্যক্তিকেইজনৰ পৰা নিৰ্যাতনৰ সন্মুখীন হৈছিল বুলি কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হয়। ভয় ভাবুকিত অতিষ্ঠ হৈ বিনীতে আত্মহত্যা কৰিছিল বুলি অভিযোগ উত্থাপন হয়।
আনহাতে, বিনীত বাগাৰীয়াৰ পৰিয়ালে উক্ত ঘটনা সন্দৰ্ভত তথা জীৱনৰ নিৰাপত্তা বিচাৰি বিনীতে আত্মহত্যা কৰাৰ পূৰ্বেই ডিব্ৰুগড় আৰক্ষী, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক,আৰক্ষী সঞ্চালক প্ৰধান তথা মুখ্যমন্ত্ৰী প্ৰৰ্যন্ত অভিযোগ দাখিল কৰিছিল যদিও বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে।যাৰফলত, বিনীত বাগাৰীয়াই আত্মহত্যাৰ পূৰ্বে ন্যায় বিচাৰি এটা ভিডিঅ’ বাৰ্তা সামাজিক মাধ্যমৰ দ্বাৰা ভাইৰেল কৰি গৈছিল।
আত্মহত্যাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী,আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিং সহ বিনীত বাগাৰীয়া বাসগৃহত আহি ক্ষমা খোজে আৰু এই ঘটনা সন্দৰ্ভত সদৰ থানা আৰক্ষী বিষয়াক শাস্তি মুলকভাবে বদলিও কৰা হৈছিল। দীৰ্ঘদিনৰ পিছত অভিযুক্ত আজিজ খানে আজি আত্মসমৰ্পণ কৰা পাছত আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।













