![]()
বৰেণ্য চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ বিয়োগত গভীৰ দুখ প্ৰকাশ কৰিছে অসম সাহিত্য সভাই। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই এক শোকবাৰ্তাৰ জৰিয়তে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।
শোক বাৰ্তাটোত ড° শইকীয়াই উল্লেখ কৰি কয় যে, “নীলপৱন বৰুৱাৰ মৃত্যু অসমৰ চিত্ৰশিল্প আৰু সমাজ জীৱনৰ বাবে বিস্তৰ ক্ষতি ৷” উল্লেখ্য যে, দীৰ্ঘদিন ধৰি GMCHত চিকিৎসাধীন হৈ থকা নীলপৱন বৰুৱাই শুকুৰবাৰে দিনৰ ৩.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।













