![]()
নগাঁও জিলাৰ চামগুৰিৰ শিৱস্থানৰ সমীপত কালি নিশা প্ৰায় ৮ মান বজাত মৰিগাঁও আৰক্ষী আৰু এণ্টি নাৰকটিক্স স্কোৱাৰ্ডৰ গোটে অভিযান চলাই ১ কোটি টকাৰ হেৰইন জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰী ক্ৰমে ইক্ৰামুল হুচেইন আৰু শুকুৰ আলিক গ্ৰেপ্তাৰ কৰে।
এক গোপন সূত্ৰৰ পমে খেদি চলা এই অভিযানৰ উমান পাই ড্ৰাগছ সৰবৰাহকাৰী দুজন পলাবলৈ চেষ্টা কৰে যদিও অভিযানকাৰী দলটোৱে শূন্যলৈ গুলীচালনা কৰি সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰে।
আনহাতে, উক্ত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত মৰিগাঁও জিলাৰ ধৰমতুল থানাৰ অন্তৰ্গত তেলাহীৰ পৰা ১ কোটি টকা বজাৰ মূল্যৰ সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হয়। ইপিনে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক ধৰমতুল থানাত জেৰা অব্যাহত ৰখা বুলি জানিব দিছে মৰিগাঁৱ ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভলাল বৰুৱাই।













