![]()
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদ্য প্ৰয়াত নিপন গোস্বামীৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাত তেওঁ কয়, “অসমীয়া চলচ্চিত্ৰ জগতৰ স্বনামধন্য অভিনেতা নিপন গোস্বামীদেৱৰ বিয়োগে মোক ব্যথিত কৰি তুলিছে।
” উল্লেখ্য, আজি গুৱাহাটীৰ শিলপুখুৰীস্থিত নিপন গোস্বামীৰ বাসগৃহত উপস্থিত হৈ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ‘ককাদেউতা নাতি আৰু হাতী’ নামৰ চলচ্চিত্ৰখনত অভিনয়ৰ জৰিয়তে যশস্বী অভিনেতাগৰাকীৰ সান্নিধ্য লাভ কৰাৰ শৈশৱৰ স্মৃতি আজিও মনৰ দাপোণত সজীৱ হৈ আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
বহুকেইখন অসমীয়া চলচ্চিত্ৰত অতি হৃদয়স্পৰ্শী, মননশীল চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা নিপন গোস্বামীৰ সাংস্কৃতিক অৱদান স্মৰণীয় হৈ ৰ’ব বুলিও তেওঁ উল্লেখ কৰে।
আনহাতে, তেওঁ আজি গুৱাহাটীৰ বেলতলাৰ সৌৰভ নগৰস্থিত প্ৰথিতযশা চিত্ৰশিল্পী, ‘অসম সৌৰভ’ বঁটাপ্ৰাপক নীলপৱন বৰুৱাৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তাৰ পিছত তেওঁ কয়, “নীলপৱন বৰুৱাৰ বিয়োগত মই অতিশয় মৰ্মাহত হৈছোঁ। আজি গুৱাহাটীৰ বেলতলাৰ সৌৰভ নগৰস্থিত তেখেতৰ বাসগৃহত উপস্থিত হৈ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰোঁ।নিৰলস সাধনাৰে বৰুৱাদেৱে বিগত কেইবা দশকজুৰি অসমৰ কলাৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰি আহিছিল। তেখেতৰ বিয়োগ আমাৰ বাবে অপূৰণীয় ক্ষতি।”













