![]()
শিলচৰ মেডিকেল কলেজত কনিষ্ঠ চিকিৎসকৰ এটা দলে আক্ৰমণ কৰিছে এগৰাকী গৰ্ভৱতী মহিলাক। ঘটনাটোৱে ৰাজ্যত শেহতীয়াকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে, নিশা পৰত উক্ত চিকিৎসালয়খনত এগৰাকী গৰ্ভৱতী মহিলাক গম্ভীৰ অৱস্থাত লৈ অনা হয়।
কিন্তু কনিষ্ঠ চিকিৎসকৰ এটা দলে প্ৰসূতি গৰাকীক বিচনাৰ পৰিৱৰ্তে মজিয়াই শোৱাই ৰাখে আৰু পৰিয়ালৰ লোকক তাৰ পৰা খেদি পঠিয়াই। এই বিষয়ত পৰিয়ালৰ লোকে প্ৰশ্ন কৰাত এই চিকিৎসকৰ দলটোৱে পৰিয়ালৰ লোকসকলক আক্ৰমণ কৰে। কেৱল এয়াই নহয়, দলবদ্ধ ভাৱে কনিষ্ঠ চিকিৎসকৰ দলটোৱে প্ৰসূতি গৰাকীক মাৰপিট কৰি চিকিৎসালয়ৰ পৰা উলিয়াই দিয়ে।
এই ঘটনাৰ পিছত ৰোগীৰ আত্মীয় সকল চিকিৎসালয়ত উপস্থিত হোৱাত পৰিস্থিতি আৰু অধিক উত্তপ্ত হয়। হাতে হাতে অস্ত্ৰ লৈ ৰোগীৰ আত্মীয়ক আক্ৰমণ কৰাৰ বাবে উপস্থিত হয় গুণ্ডা ৰূপী কনিষ্ঠ চিকিৎসকৰ দল৷ পিছলৈ, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে এজন কনিষ্ঠ চিকিৎসকক আটক কৰি থানালৈ যায়।












