![]()
আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙ্গলদৈস্থিত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজনত উপস্থিত থাকে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীক নিজৰ অৱস্থাৰ বিষয়ে অৱগত কৰিবলৈ আগবাঢ়ি আহে এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰী।
প্ৰতিবছৰে হোৱা বানপানীত নিজৰ ঘৰটো ভাঙি যোৱা বাবে বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা বাবে কাতৰভাৱে সহায় বিচাৰে গেৰিমাৰী বিদ্যানগৰৰ দিন হাজিৰা কৰা কমল বৰা আৰু মামণি বৰাৰ কন্যা তথা মঙ্গলদৈ মহাবিদ্যালয়ৰ ছাত্ৰী গৰাকীয়ে।
ছাত্ৰী গৰাকীৰ আহ্বানক সহাঁৰি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে উপায়ুক্তক ছাত্ৰী গৰাকীৰ ঘৰলৈ গৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।












