ASSAM TIMES POST
নগাঁওঃ ঔষধ ব্যৱসায়ৰ নামত নগাঁৱত একাংশ পাইকাৰী ব্যৱসায়ীয়ে নিচাযুক্ত ঔষধৰ ব্যৱসায় চলাই অহা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। আনকি উজনি অসমৰ তিনিচুকীয়া চহৰৰ পৰা নগাঁও হৈ গুৱাহাটীলৈ নিতৌ অবৈধ নিচাজাতীয় ঔষধ সৰবৰাহ হৈ আছে ।
কালি সন্ধিয়া নগাঁৱৰ টাউন ইটাচালী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে উৰিয়াগাঁও বাইপাছৰ পৰা ৮ কাৰ্টুন নিচাজাতীয় কফচিৰাফ সহ আটক কৰে পিণ্টু পাল নামৰ পাইকাৰী ঔষধৰ এজন ব্যৱসায়ীক । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে পিণ্টু পালে তিনিচুকীয়া চহৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ বাবে উক্ত কফচিৰাফ সমূহ নগাঁৱলৈ আনিছিল । নগাঁও আৰক্ষীয়ে ধৃত ঔষধ ব্যৱসায়ীজনৰ নগাঁও চহৰৰ হৰিজন কলনিত থকা ড্ৰিষ্টিবিউটৰতো তালাচী চলোৱা বুলি জানিব পৰা গৈছে ।













