ASSAM TIMES POST
নগাঁওঃ হস্তীৰ কন্যা পাৰ্বতী বৰুৱাৰ নৃত্যৰ ছন্দত জীপাল হৈ পৰিল নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহ। কালি নিশা ‘এই ধুনীয়া গধুলি লগন’ শীৰ্ষক এক অনুষ্ঠানত প্ৰাণ ঢালি নৃত্য পৰিবেশন কৰে হস্তীৰ কন্যা খ্যাত পাৰ্বতী বৰুৱাই।উল্লেখ্য, ৮০ৰ দশকত নগাঁৱৰ কেইগৰকীমান সংস্কৃতিৱান মহিলাৰ উদ্যোগত প্ৰতিষ্ঠা লাভ কৰিছিল সুৰ সমলয় নামৰ এটি অনুষ্ঠানে।
আনহাতে ‘সুৰ সমলয়’ৰ উদ্যোগত কালি নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা “এই ধুনীয়া গধুলি লগন” শীৰ্ষক অনুষ্ঠানতে হস্তীৰ কন্যা খ্যাত পাৰ্বতী বৰুৱাক সুৰসমলয়ৰ তৰফৰ পৰা বিশেষ বঁটা প্ৰদান কৰা হয়।ইপিনে উক্ত বঁটা গ্রহণ কৰি আৱেগিক হৈ পৰে হস্তীৰ কন্যা পাৰ্বতী বৰুৱা। উল্লেখ্য যে অদম্য সাহস আৰু প্ৰতিভাৰ অধিকাৰী পাৰ্বতী বৰুৱাই হস্তী-মানুহৰ সংঘাত নিৰাময়ৰ ক্ষেত্ৰটো গ্ৰহণ কৰি আহিছে বহু উল্লেখনীয় পদক্ষেপ।
ৰাজ পৰিয়ালত জন্ম গ্ৰহণ কৰা পাৰ্বতী বৰুৱাৰ জীৱনৰ ভিত্তিত ইতিমধ্যে ৰচিত হৈছে ভালেকেইখন গ্ৰন্থ। জীৱনৰ বিয়লি বেলাত নগাঁৱৰ ৰাইজে যঁচা সন্মান লাভ কৰি আপ্লুত হৈ পৰা পাৰ্বতী বৰুৱাই মঞ্চত ভাষণ প্ৰদান কৰাৰ পিচতেই কালজয়ী গায়িকা প্ৰতিমা পাণ্ডে বৰুৱাৰ গীতৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰে। গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত গৰিমা শইকীয়া গাৰ্গ, বিশিষ্ট সাংবাদিক ছায়ামণি ভূঁঞা,মাইনী মহন্ত, বিশিষ্ট লেখিকা মনালিছা শইকীয়া,আন্তৰ্জাতিক খ্যাতিসম্পন্ন তথ্য চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।













