![]()
কলিয়াবৰৰ হাতীয়েখোৱাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল’লে ৫ জন বোকাখাতৰ বন্ধুৱে। তেজপুৰৰ ৭১৫ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথত কলিয়াবৰ তিনিআলিৰ পৰা অভিমুখী এখন UP 37 AT2766 নম্বৰৰ এখন ট্ৰাক আৰু AS05Q 2683 নম্বৰৰ এখন হণ্ডাই আওৰা বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত ৫ জন যুৱক ক্ৰমে বিবেক দাস, সমীৰ পাল, বিকাশ শৰ্মা, সন্দীপ কুমাৰ পাল আৰু সঞ্জয় দাসে মৃত্যুক আঁকোৱালি লয়। ট্ৰাকৰ হেণ্ডিমেনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।












