![]()
বোকাখাত Bokakhat মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব, ইলেকট্ৰনিক মিডিয়া জাৰ্ণালিষ্ট এচচিয়েচন, বোকাখাত আৰু কাজিৰঙা নিউজ নেটৱৰ্ক, বোকাখাতৰ যৌথ উদ্যোগত আজি বোকাখাত নাট্য মন্দিৰত সংগঠক, বোকাখাতৰ শক্তিশালী কণ্ঠ, সাংবাদিক প্ৰদ্যুত মহন্তৰ স্মৃতিচাৰণ সভাখন অনুষ্ঠিত হোৱাৰ লগতে উন্মোচন হয় স্মাৰক গ্ৰন্থ ‘অপৰাজেয়’ৰ।

এই উদ্দেশ্যে পুৱা বন্তি প্ৰজ্বলন কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। ইয়াৰ পাছতে অনুষ্ঠিত হয় ভাগৱত পাঠকে ধৰি সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ অনুষ্ঠান। পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত মূল স্মৃতিচাৰণ সভাৰ সভাপতিত্ব কৰে জিতু শৰ্মা ৰাজখোৱাই।
উল্লেখ্য যে বোকাখাতৰ বৈদ্যুতিন সাংবাদিকতাৰ বাটকটীয়া, বোকাখাতৰ সামাজিক-সাংস্কৃতিক জীৱনৰ মেৰুদণ্ড স্বৰূপ সাংবাদিক প্ৰদ্যুত মহন্তই যোৱা ২৬ ছেপ্টেম্বৰত দুৰাৰোগ্য কেঞ্চাৰ ৰোগত ভুগি মৃত্যুক সাৱটি লয়। অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট ধাৰাভাষ্যকাৰ ৰূপজ্যোতি ভড়ালী আৰু সাংবাদিক দিব্যজ্যোতি হাজৰিকাই।
অনুষ্ঠানত ক্ৰমে বিশিষ্ট শিল্পী ৰূপা হাজৰিকাই এটি বৰগীত , সাংস্কৃতিক বিকাশ আৰু নাৰী অধিকাৰ মঞ্চ, বোকাখাতৰ শিল্পী সকলৰ দ্বাৰা এটি দিহা নামৰ অনুষ্ঠান পৰিবেশন কৰাৰ লগতে প্ৰয়াত প্ৰদ্যুত মহন্তৰ কন্যা তথা উদীয়মান যুৱ শিল্পী প্ৰাসংগিকা মহন্তই এটি গীত পৰিৱেশন কৰে।
স্মৃতিচাৰণ সভাত সমল ব্যক্তি হিচাবে উপস্থিত থাকি বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই প্ৰয়াত প্ৰদ্যুত মহন্তৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত দিয়া বক্তৃতাই উপস্থিত ৰাইজক আবেগিক আৰু শোকাকুল কৰি তোলে।
সভাত কাজিৰঙা নিউজ নেটৱৰ্ক, বোকাখাত মহকুমা সাংবাদিক সংস্থা, ইমজা, বোকাখাত আৰু বোকাখাত প্ৰেছ ক্লাৱৰ দ্বাৰা প্ৰকাশিত আৰু সাংবাদিকদ্বয় ক্ৰমে প্ৰদীপ কুমাৰ বৰা আৰু বদন দুৱৰা সম্পাদিত প্ৰদ্যুত মহন্তৰ স্মৃতিত প্ৰকাশিত স্মাৰক গ্ৰন্থ ‘অপৰাজেয়’ৰ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়াই।
স্মাৰক গ্ৰন্থ উন্মোচন কৰি উন্মোচক শইকীয়াই উন্মোচনী ভাষণ প্ৰদান কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে চাহ জনগোষ্ঠী সাহিত্য সভা, অসমৰ প্ৰাক্তন কেন্দ্ৰীয় উপ সভাপতি ধনীৰাম কুৰ্মি, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বিশিষ্ট সমাজকৰ্মী ৰাজু নিমৰীয়া আদিৰ লগতে প্ৰয়াত প্ৰদ্যুত মহন্তৰ পৰিয়ালবৰ্গ ক্ৰমে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক ড° বিজয় শৰ্মা, মৰঙী মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মামণি মহন্ত, পত্নী জ্যোতিৰেখা মহন্ত আৰু কন্যা প্ৰাসংগিকা মহন্ত।
অনুষ্ঠানত কেউটা উদ্যোক্তা সংগঠনৰ সভাপতি, সম্পাদককে ধৰি বিষয় ববীয়া আৰু সদস্য সকলৰ লগতে যথেষ্ট সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়ায় দিব্যজ্যোতি হাজৰিকাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাতিলৈ ‘হৰিশ্চন্দ্ৰ উপাখ্যান’ ভাওনা অনুষ্ঠিত কৰা হয়।













