![]()
নগাঁও চহৰৰ কলঙৰ বাকৰি ঐতিহ্যমণ্ডিত নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত অহা ১৫ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ অনুষ্ঠিতব্য নগাঁও গ্ৰন্হমেলা-২০২২ৰ আজি মূল খুটা স্থাপন কৰে নগাঁও গ্ৰন্হমেলাৰ সভাপতি তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

গ্ৰন্হমেলা স্হলীৰ মূল খুঁটা স্থাপন কৰি বিধায়ক শৰ্মাই ১৯৯৬ চনৰ পৰা নগাঁৱৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক গোষ্ঠী ‘কল্লোল’ৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত প্ৰথম অৱস্হাত প্ৰতি বছৰে আৰু পাছলৈ দুবছৰৰ অন্তৰে অন্তৰে নেহৰুবালিত অনুষ্ঠিত কৰি অহা নগাঁও গ্ৰন্হমেলাৰ গৌৰৱোজ্জ্বোল ইতিহাস দোহাৰি কয় যে গ্ৰন্হমেলাই সাহিত্য অনুৰাগী আৰু কিতাপ পঢ়াৰ পৰিৱেশ সৃষ্টি কৰে।
গ্ৰন্হমেলাৰ জৰিয়তে সামাজিক-সাংস্কৃতিক গোষ্ঠী কল্লোলে নগাঁৱত গ্ৰন্হৰ সুবাস বিলোৱাৰ প্ৰচেষ্টা চলাই আহিছে । বিধায়ক শৰ্মাই নগাঁও গ্ৰন্হমেলাত ৰাইজৰ সহযোগ আৰু অংশগ্ৰহণ কামনা কৰে । আনহাতে নগাঁও গ্ৰন্হমেলাৰ কাৰ্যকৰী সভাপতি তথা জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে মূঁল খুটা স্থাপন অনুষ্ঠানত অংশগ্রহণ কৰি নগাঁও গ্ৰন্হমেলাৰ জৰিয়তে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত গ্ৰন্হৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে।
নগাঁও গ্ৰন্হমেলাৰ সাধাৰণ সম্পাদকদ্বয় নৌচাদ আখতাৰ হাজৰিকা আৰু শিৱানন্দ কাকতিয়ে আঁত ধৰা অনুষ্ঠানত প্ৰাক্তন প্ৰশাসনিক বিষয়া চন্দ্ৰমোহন কাকতি, বিশিষ্ট সমাজকর্মী ৰঞ্জিত তামুলী ফুকন প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু সাহিত্য অনুৰাগীয়ে অংশগ্ৰহণ কৰে । আনহাতে নগাঁও গ্ৰন্হমেলাত ৰাজ্যৰ লগতে বহিঃ ৰাজ্যৰ ভালেকেইটা প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব বুলি সভাপতি ৰূপক শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
নগাঁও গ্ৰন্হমেলাত লেখক,পঢ়ূৱৈ আৰু গ্ৰন্হৰ মাজত সমন্বয় গঢ়ি তোলাৰ প্ৰচেষ্টাৰে গ্ৰন্হ উন্মোচন, আলোচনা চক্ৰ, কবি সন্মিলন, কুইজ ,চিত্ৰাংকণ প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।
উল্লেখ্য যে নগাঁৱৰ কেইগৰাকীমান সাহিত্যনুৰাগী ব্যক্তিৰ উদ্যোগত ১৯৭৮ চনৰ ৩ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ ভাস্বৰ প্ৰকাশনৰ উদ্যোগত নগাঁও চহৰৰ নেহৰুবালিত পোনপ্ৰথম গ্ৰন্হমেলা অনুষ্ঠিত কৰা হয়।
পৰৱর্তী সময়ত ১৯৯৬ চনত নগাঁও চহৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান কল্লোল সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিত গ্ৰন্হমেলা অনুষ্ঠিত কৰা হয় ।
দুবছৰ বিৰতিৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰি অহা নগাঁও গ্ৰন্হমেলা কোভিড কালীন জটিল পৰিবেশৰ বাবে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত কৰিব পৰা নগৈছিল ।













