![]()
অসমৰ বোলছবি জগতৰ কিংবদন্তি নাৰী, প্ৰথম অসমীয়া বোলছবি মহিলা অভিনেত্ৰী, বোকাখাতৰ কমাৰগাৱঁৰ পানীডিহিঙীয়াৰ জীয়াৰী আইদেউ সন্দিকৈৰ উজ্বল স্মৃতিত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে প্ৰদান কৰি আহিছে ‘আইদেউ সন্দিকৈ বঁটা’। অসমৰ সাহিত্য, কলা-সংস্কৃতিৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা মহিলালৈ সংগঠনটোৱে প্ৰতি বছৰে প্ৰদান কৰি আহিছে এই বঁটা।

প্ৰতি বৰ্ষৰ দৰে এই বৰ্ষও ঘোষণা কৰা হৈছে আইদেউ সন্দিকৈ বঁটা প্ৰাপকৰ নাম। উনবিংশতম আইদেউ সন্দিকৈ বঁটা (২০২২ বৰ্ষৰ) আগবঢ়োৱা হৈছে অসমৰ বিশিষ্ট কণ্ঠ শিল্পী ড° অনিমা চৌধুৰীলৈ। চৌধুৰীৰ আজীৱন সংগীত সাধনাৰে অসমৰ সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে চৌধুৰীলৈ এই বঁটা আগবঢ়োৱা হৈছে।

অহা ১৭ ডিচেম্বৰত নুমলীগড় শোধনাগাৰৰ সমীপৰ তেলগৰম ৰংগমঞ্চত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু জাগৃতি লেখিকা সমাৰোহ সমিতি, তেলগৰম শাখাৰ সহযোগত অনুষ্ঠিত হ’ব লগীয়া আইদেউ সন্দিকৈ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা বিশিষ্ট কণ্ঠ শিল্পী গৰাকীক প্ৰদান কৰা হ’ব।
উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাবে বিশিষ্ট কবি-লেখিকা ড° জ্যোতিৰেখা হাজৰিকা উপস্থিত থাকিব বুলি জানিবলৈ দিছে জাগৃতি লেখিকা সমাৰোহ সমিতি, তেলগৰম শাখাৰ সম্পাদিকা ৰুণজুন গগৈয়ে। উক্ত অনুষ্ঠানলৈ ৰাইজৰ একান্ত উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে সম্পাদিকা গৰাকীয়ে।













