![]()
নগাঁৱৰ পুৰণিগুদামত পুনৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পাৰঘাটস্থিত “পিঅ’ৰ লাইফ ফাউণ্ডেচন” Pure Life Foundation নামৰ নিচামুক্তি কেন্দ্ৰৰ পাকঘৰৰ গ্ৰীল ভাঙি ১৬ জনকৈ নিচাসক্ত যুৱকে পলায়ন কৰে। কেন্দ্ৰটিত থকা চিচি টিভি কেমেৰাত বন্দী হয় নিচাসক্ত যুৱকৰ পলায়নৰ দৃশ্য।

কেন্দ্ৰটোৰ তত্ত্বাৱধায়ক গৰাকী বজাৰ কৰিবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। উল্লেখ্য যে, কেন্দ্ৰটোত থকা বহু যুৱকে সতীৰ্থ যুৱকক ভয়-ভাবুকি প্ৰদান কৰাৰ ফলত বাকী সকলেও পলায়ন কৰাৰ অভিযোগ। সঞ্চালক গৰাকীয়ে পুৰণিগুদামৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।













