![]()
ডিফু কাৰ্বি আংলং Karbi Anglong জিলাৰ অসম নাগালেণ্ড সীমান্তত অসম আৰক্ষীয়ে নিচাযুক্ত Drugs দ্ৰব্যৰ বিৰুদ্ধে লাভ কৰিছে এক বৃহৎ সফলতা । প্ৰাপ্ত খবৰ অনুসৰি জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশাৰ ভাগত খটখটি এলেকাত এক তালাচি অভিযান চলাই NL 02 N3752 আৰু MN 01 9912 নম্বৰত ট্ৰাকৰ পৰা ক্ৰমে ত্ৰিছ হাজাৰ যাবা টেবলেট আৰু55 টা চাবোনৰ বাকচত 757’15গ্ৰাম সন্দেহযুক্ত হেৰইণ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰ ৰাজ্যৰ থৌবেল আৰু কাচেঙৰ ক্ৰমে, ইছলাম উদ্দীন,মহম্মদ ছমিৰ আৰু মনৌবি নামৰ তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । জব্দ হোৱা drugs খিনিৰ মূল্য প্ৰায় 7কোটি টকা হব বুলি জানিব পৰা গৈছে ।













