![]()
গ্ৰন্হৰ সুবাস বিলাই নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত আজিৰে পৰা আঠ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নগাঁও গ্ৰন্হমেলা- ২০২২Book Fair। নগাঁৱৰ অন্যতম অগ্রণী সামাজিক-সাংস্কৃতিক গোষ্ঠী ‘কল্লোল’ৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত আয়োজিত নগাঁও গ্ৰন্হমেলাৰ আজি পুৱা পতাকা উত্তোলন কৰে নগাঁও গ্ৰন্হমেলা সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শর্মাই ।

পতাকা উত্তোলন কৰি দিয়া ভাষণত বিধায়ক ৰূপক শর্মাই ১৯৯৬ চনৰ পৰা নগাঁৱৰ অগ্রণী সামাজিক-সাংস্কৃতিক গোষ্ঠী কল্লোলে জিলা প্ৰশাসনৰ সহযোগত নগাঁৱত গ্ৰন্হ মেলা অনুষ্ঠিত কৰি অহাৰ বিষয়ে উল্লেখ কৰি কয় যে নগাঁৱত গ্ৰন্হমেলাৰ জৰিয়তে কল্লোলে লেখক-পাঠক আৰু গ্ৰন্হৰ মাজত সমন্বয় গঢ়ি তুলিছে।
বিধায়ক শৰ্মাই নগাঁও গ্ৰন্হমেলা সফল কৰি তুলিবৰ বাবে গ্ৰন্হানুৰাগী ৰাইজক আহ্বান জনায়। আনহাতে আজি বিয়লি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই নগাঁও গ্ৰন্হমেলা-২০২২ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি দিয়া ভাষণত নগাঁও গ্ৰন্হমেলাৰ এক সুকীয়া ঐতিহ্য আছে বুলি মন্তব্য কৰে। অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে কয় যে নগাঁও গ্ৰন্হমেলাত যুৱ প্ৰজন্মৰ সঁহাৰিয়ে এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে ।
আনহাতে গ্ৰন্হ অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে লগতে কয় যে মানুহে কিতাপ পঢ়ি নতুন জ্ঞান নানিলে সেই জ্ঞান সীমাবদ্ধ হৈ থাকিব। পঢ়া বস্ত্তটো এটা বেংক একাউণ্ট খোলাৰ নিচিনা । যিমানেই অধ্যয়ন কৰিব সিমানেই জ্ঞান বৃদ্ধি হব। আনহাতে নতুন প্ৰযুক্তিৰ ভালখিনি আমি গ্ৰহণ কৰিব লাগিব বুলি মত প্ৰকাশ কৰি অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে কয় যে অন্যথ্যা আমি বিশ্ববাসীৰ লগত সমানে আগবাঢ়ি যাৱ নোৱাৰিম।
প্ৰসংগ ক্ৰমে তেওঁ ডিজিটেলাইজেশ্বন প্ৰজেক্টৰ বিষয়ে উল্লেখ কৰি কয় যে অসম সাহিত্য সভাই অসমীয়া ভাষাৰ পুৰণি কিতাপ ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে সমগ্ৰ বিশ্বৰ মানুহে পঢ়াৰ ব্যৱস্হা কৰিছে। ডিজিটেল প্ৰযুক্তি অহা মানে পুৰণি কিতাপ নাইকিয়া হৈ নাযায়। কিতাপৰ সুগন্ধি বিচাৰি মানুহে কিতাপ কিনিবই। আনহাতে সামুহিক জ্ঞান বঢ়াবলৈ গ্ৰন্হমেলাৰ প্ৰয়োজন বুলি অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে।
কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সভাপতি তথা নগাঁও গ্ৰন্হমেলাৰ কাৰ্যকৰী সভাপতি লোহিত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাখনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: মৃদুল হাজৰিকাই গ্ৰন্হমেলা এক আকৰ্ষণীয় অনুষ্ঠান বুলি উল্লেখ কৰি লগতে কয় যে সাম্প্ৰতিক সময়ত মানুহৰ গ্ৰন্হ পঢ়াৰ প্ৰতি ধাউতি আগতকৈ কিছু কমিবলৈ ধৰিছে।
সেয়ে এনে সময়ত একোখন গ্ৰন্হমেলাই পৰিৱৰ্তনশীল সমাজত আশাৰ সঞ্চাৰ কৰিছে । আনহাতে গ্ৰন্হ অধ্যয়নৰ দ্বাৰা জ্ঞানৰ গভীৰতালৈ যোৱাৰ সুযোগ থকা বুলি উল্লেখ কৰি ড: হাজৰিকাই লগতে কয় যে বৰ্তমান সময়ত উন্নত প্রযুক্তিৰ জৰিয়তে তথ্য আহৰণ সহজ হৈ পৰাত আমি নিৰ্দিষ্ট তথ্যহে আহৰণ কৰো। সেয়ে শিক্ষাৰ ক্ষেত্ৰত গ্ৰন্হ অধ্যয়ন কৰিলেহে জ্ঞানৰ গভীৰতা বাঢ়িব। আনহাতে গ্ৰন্হমেলাত মানুহৰ সংখ্যা কমিলেও গ্ৰন্হমেলাত অংশ লোৱা লোকৰ গুণগত মান বৃদ্ধি পোৱা বুলি উপাচাৰ্য ড: হাজৰিকাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
গ্ৰন্হমেলাৰ উদ্বোধনী অনুষ্ঠানত নগাঁও জিলাৰ উপায়ুক্ত তথা নগাঁও গ্ৰন্হমেলাৰ কাৰ্যকৰী সভাপতি নৰেন্দ্ৰ কুমাৰ শ্বাহে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি যুৱ প্ৰজন্মক গ্ৰন্হ অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ আহ্বান জনায়। কল্লোলৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য গুণজিৎ কুমাৰ দেৱ গোস্বামীয়ে আদৰণি ভাষণ প্রদান কৰা আৰু নগাঁও গ্ৰণ্হ মেলাৰ সাধাৰণ সম্পাদক নৌচাদ আখতাৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ আঁত ধৰে বিশিষ্ট গল্পকাৰ তথা নগাঁও গ্ৰন্হমেলাৰ আন এগৰাকী সাধাৰণ সম্পাদক শিৱানন্দ কাকতিয়ে ।
উদ্বোধনী অনুষ্ঠানত মঞ্চত উপবিষ্ট সন্মানীয় অতিথি সকলে মুকুল বৰঠাকুৰৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা নগাঁও গ্ৰন্হমেলাৰ স্মৃতিগ্ৰন্হখন উন্মোচন কৰে । আনহাতে উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে গ্ৰন্হমেলা স্হলীত ৰাজ্য তথা নগাঁৱৰ ১৭ গৰাকী প্ৰয়াত বিশিষ্ট ব্যক্তিৰ স্মৃতিত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিৱেদন কৰে উপাচাৰ্য ডঃ মৃদুল হাজৰিকাই ।
উল্লেখ্য যে নগাঁও গ্ৰন্হমেলাত ৰাজ্যৰ লগতে বহিঃ ৰাজ্যৰ ভালেকেইটা প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰে। কাইলৈ পুৱা ৰণাংগন প্ৰকাশন ৰ উদ্যোগত অনুষ্ঠিত হবলগা কবি সন্মিলনেৰে নগাঁও গ্ৰন্হমেলাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হব।













