![]()
শোণিতপুৰত Sonitpur এহাল প্ৰেমিক-প্ৰেমিকাই লোৱা কৰুণ উপায়টোৱে সকলোকে শোকাহত কৰি তুলিছে। চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুদামঘাটত প্ৰেমিকদ্বয়ে নিজৰ প্ৰেম সফল কৰিব নোৱাৰি এখন চুৰ্ণীৰে চিপ লৈ আত্মহত্যা Suicidesকৰে।

জানিব পৰা মতে, বিশ্বনাথ চাৰিআলিৰ ছফিকুল ইছলাম আৰু গহপুৰৰ পল্লৱী বৰা বিগত বহু দিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল আৰু বৃহস্পতিবাৰে পলাই আহি গুদামঘাটৰ আব্দুল কৰিম নামৰ এগৰাকী দাদাৰ ঘৰত আশ্ৰয় লৈ আছিল।
কিন্তু পৰৱৰ্তী সময়ত, যুৱক জনৰ পৰিয়ালবৰ্গই এই কথা জানিবলৈ পোৱাত দুয়োজনক বিচাৰি আহোতেই এটা গেৰেজত দুয়োকে চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে।চাৰিদুৱাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে মৃতদেহ দুটা উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।












