![]()
নগাঁও সত্ৰ ন্যায়ধীশৰ আদালতে আজি প্ৰদান কৰিছে এক ঐতিহাসিক ৰায়। ড্ৰাগছ মাফিয়া তথা সৰবৰাহকাৰীৰ বিৰুদ্ধে সষ্টম হৈ উঠিছে আৰক্ষীৰ লগতে নগাঁও সত্ৰ ন্যায়ধীশৰ আদালত।

উল্লেখ্য যে, বিগত ২০২০ বৰ্ষৰ ৬ ডিচেম্বৰ তাৰিখে নগাঁৱৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ নেতৃত্বত চলা এক অভিযানত নগাঁও আৰক্ষীৰ এটা দলে অভিযুক্ত হাবিল আলিৰ বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইন,গাঞ্জাৰ লগতে দহ লক্ষাধিক টকা জব্দ কৰিছিল।
সেয়েহে, এই ক্ষেত্ৰত নগাঁৱৰ ২ নং সত্ৰ ন্যায়াধীশ নীলকমল দাসৰ আদালতে ধিং থানাৰ অন্তৰ্গত ৫০৫/২০২০ নং গোচৰৰ ভিত্তিত চূড়ান্ত ৰায় প্ৰদান কৰে। এই ৰায়ত ড্ৰাগছ মাফিয়া হাবিল আলিক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে তিনিলাখ টকাৰ জৰিমনা বিহে।এই গোচৰটোৰ চূড়ান্ত শুনানিত চৰকাৰী পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছিল জ্যেষ্ঠ অধিবক্তা বিভা ফুকনে।













