![]()
বিহাৰৰ Bihar পৰা নিয়ন্ত্ৰণ কৰি বৰপেটা Barpeta আৰু সমগ্ৰ ৰাজ্যত ইঞ্চুৰেঞ্চৰ ধন আত্মসাৎ কৰা এটা চক্ৰক বিভিন্ন কামত সহায় কৰি অহা আশাকৰ্মী সুশীলা ৰাভা আৰক্ষীৰ জালত। মৈৰাপুৰ উপ স্বাস্থ্য কেন্দ্ৰৰ আশাকৰ্মী এইগৰাকীয়ে চক্ৰটোক ভুৱা প্ৰমাণ পত্ৰ উলিওৱাত সহায় কৰি আহিছিল।

আনহাতে ক্ৰাইম বান্সে Crime Branch অভিযান চলাই আন এক অভিযুক্ত ধীৰাজ দাসৰ পৰা AS25UO695 নম্বৰৰ বুলেট এখন জব্দ কৰে। এই সমগ্ৰ চক্ৰৰ ৮ প্ৰৱঞ্চকক ক্ৰাইম ব্ৰান্সে আটক কৰে, ইয়াৰ মাজত বিহাৰৰ সন্তোষ ঝা আৰু ৰাজীৱ ৰঞ্জন মূল প্ৰৱঞ্চক দুগৰাকীৰ এজেণ্ট।
উল্লেখ্য যে, উক্ত ৮ প্ৰৱঞ্চকে ৰাজ্যৰ ভিন্ন প্ৰান্তত মৃত ব্যক্তিৰ তথ্য লাভ কৰাৰ পিছতে ইঞ্চুৰেঞ্চ কৰি পিছত মৃত্যুৰ নথিপত্ৰ যোগাৰ কৰি ইঞ্চুৰেঞ্চ ক্লেইম কৰিছিল। ধন আত্মসাতৰ সকলো পন্থা তৈয়াৰ কৰাৰ পিছত মহানগৰীৰ বিলাসী হোটেলত বৈঠকত বহি বিভিন্ন ইঞ্চুৰেঞ্চৰ মৃত ব্যক্তিৰ নামত পলিচী খোলাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।
পলিচি খোলাৰ কিছু দিনৰ পিছতেই ব্যক্তিজনৰ ভুৱা মৃত্যুৰ প্ৰমাণ পত্ৰ জমা দি উলিয়াই লৈ যায় বৃহৎ পৰিমাণৰ ধনৰাশি। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ৮ প্ৰৱঞ্চকৰ মাজৰ মৃদুল হক নামৰ প্ৰৱঞ্চকটোক জে’ললৈ প্ৰেৰণ কৰিছে আদালতে। ইয়াৰ বিপৰীতে মহিলা গাঁওবুঢ়া, আশাকৰ্মীসহ ৯ জনক মাৰাথন জেৰা চলাই আছে ক্ৰাইম ব্ৰান্সে।












