![]()
নিচাজাতীয় দ্ৰব্য তথা সৰবৰাহকাৰীৰ বিৰুদ্ধে সদা সষ্টম হৈ থকা ধলাই আৰক্ষীৰ সফলতাই সমগ্ৰ ৰাজ্যৰ ভিতৰতে ৰেকৰ্ড সৃষ্টি কৰিছে। শেহতীয়াকৈ অৰ্থাৎ শনিবাৰে নিশা কাছাৰ আৰক্ষী অধীক্ষক নোমাল মাহাটোৰ নেতৃত্বত চলা এক অভিযানত আৰক্ষীয়ে ১৭৫ কোটি টকাৰ অৰ্থাৎ ৬ লাখ ২০ হাজাৰ টা ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।

মিজোৰাম দিশৰ পৰা আহি থকা এএছ ১১ ডিচি ৮১৮৪ নম্বৰৰ ট্ৰাকখনত এটা গোপন চেম্বাৰ বনাই এই বৃহৎ পৰিমাণৰ টেবলেটখিনি ৬২ টা পেকেটত চোৰাংভাৱে আনি ম্যানমাৰৰ পৰা মিজোৰাম হৈ মণিপুৰলৈ লৈ যোৱাৰ চেষ্টা চলাইছিল। কিন্তু তেওঁলোকৰ এই পৰিকল্পনাত চেঁচা পানী ঢালি আৰক্ষীয়ে অভিযান চলায়। টেবলেট খিনি প্ৰথমাৱস্থাত পোৱা হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত ইলেক্ট্ৰনিক কাটাৰেৰে ট্ৰাকখনৰ বডি কাটি এই টেবলেট উদ্ধাৰ কৰে।
ইয়াৰ সমান্তৰালকৈ, কাছাৰ আৰক্ষীয়ে মণিপুৰৰ এগৰাকী কলেজীয়া ছাত্ৰৰ লগতে তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। এই বৃহৎ পৰিমাণৰ টেবলেট জব্দ কৰাটো কাছাৰ আৰক্ষীৰ এক বৃহৎ সফলতা বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক নোমল মাহাটোৱে। এই ইয়াবা টেবলেট জব্দ কৰাক লৈ ইতিমধ্যে টুইট কৰিছে মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।













