![]()
মধ্য অসমৰ উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নগাঁও মহাবিদ্যালয় Nowgoun College(স্বতন্ত্ৰ )ৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানৰ আজি অন্তিম দিনত পুৱা শিক্ষা প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্রী সকলৰ লগতে একাংশ প্ৰাক্তন ছাত্র-ছাত্রী মিলিত হৈ এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই । নগাঁও চহৰত মনোমোহা ৰূপত উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

নগাঁও নুৰুল আমিন ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক শোভাযাত্ৰাটো শুভ উদ্বোধন কৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র তথা জনপ্ৰিয় অভিনেতা যতীন বৰাই। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি দিয়া ভাষণত অভিনেতা যতীন বৰাই শিক্ষা প্ৰতিষ্ঠানখনৰ প্ৰাক্তন ছাত্রৰ লগতে নগাঁৱৰ সন্তান হিচাপে গৌৰৱ অনুভৱ কৰা বুলি মন্তব্য কৰে ।
অভিনেতা গৰাকীয়ে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শৰৎ বৰকটকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ এনে প্ৰচেষ্টাই নগাঁও মহাবিদ্যালয়ক আগুৱাই লৈ যোৱাত যথেষ্ট সহায় কৰিব বুলি মন্তব্য কৰে ।
সাংস্কৃতিক শোভাযাত্ৰাত নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র তথা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি বিধায়ক ৰূপক শৰ্মা,নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা লগতে ভালেসংখ্যক প্ৰাক্তন ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰে ।
ইপিনে জাতীয় কৃষ্টি-সংস্কৃতি, জনজাতীয় পৰম্পৰা , অসমৰ ইতিহাস প্ৰসিদ্ধ ঘটনাৱলী , ঐতিহাসিক স্হান, জাতীয় বীৰ- বীৰাংগনা , বৰেণ্য ব্যক্তি, ভাৰতৰ স্বাধীনতা আন্দোলন, দেশীয় অৰ্থনীতি, উল্লেখনীয় সামাজিক ঘটনা প্ৰৱাহ, আধ্যাত্মিক দৰ্শন আদিক সুন্দৰ ৰূপত উপস্হাপন কৰি শিক্ষা প্ৰতিষ্ঠানখনৰ কুৰিটাকৈ বিভাগৰ ছাত্র-ছাত্রী সকলে নগাঁও চহৰৰ মূল পথেৰে উলিওৱা এই শোভাযাত্ৰাই মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানক এক বিশেষ মাত্ৰা প্ৰদান কৰে ।
আনহাতে আজি বিয়লি নগাঁও মহাবিদ্যালয়(স্বতন্ত্ৰ )ৰ অনিল বৰা প্ৰেক্ষাগৃহত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিশিষ্ট শিক্ষাবিদ ড: শৰৎ দত্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কমনৱেলথ গেমচত স্বৰ্ণ বঁটা বিজয়ী নয়নমণি শইকীয়াই আত্ম বিশ্বাস থাকিলে সকলো কামেত সফলতা লাভ কৰিব পাৰি বুলি উল্লেখ কৰি লগতে কয় যে মানুহে দৃঢ়তাৰে নিজৰ সপোনক বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰিব লাগে।
এগৰাকী খেতিয়কৰ সন্তান হৈ সীমিত সা-সুবিধাৰ মাজত আত্ম বিশ্বাস আৰু দৃঢ়তাৰ বলত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বুলিও ক্ৰীড়াবিদ গৰাকীয়ে মন্তব্য কৰে। আনহাতে মানুহে নিজৰ মাতৃ , মাতৃভাষা আৰু মাতৃভূমিক কেতিয়াও পাহৰিব নেলাগে বুলি মন্তব্য কৰে। অসম গৌৰৱ ক্ৰীড়াবিদ গৰাকীয়ে ছাত্ৰ-ছাত্রীক অধ্যয়নৰ লগতে ক্ৰীড়া, সংস্কৃতি আদি ক্ষেত্ৰত জড়িত হবলৈ আহ্বান জনাই লগতে কয় যে গান আৰু খেল নহলে মানুহৰ জীৱনটো সম্পূৰ্ণ নহয়।
নগাঁও মহাবিদ্যালয় ( স্বতন্ত্ৰ)ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ডঃ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ তথা সত্ৰীয়া সংস্কৃতিৰ সাধক জীৱেশ্বৰ দেৱ গোস্বামীয়ে দীৰ্ঘকাল ধৰি শিক্ষাদানৰ লগত জড়িত থকাৰ বিষয়ে উল্লেখ কৰি কয় যে সততা আৰু নিষ্ঠাৰে আগবাঢ়ি গলে মানুহে সুফল পাবই ।
জাতীয় সংগীতেৰে আৰম্ভ হোৱা মুকলি সভাত আদৰণি ভাষণ প্রদান কৰে অধ্যক্ষ ড: শৰৎ বৰকটকীয়ে। সভাপতিৰ ভাষণত ড: শৰৎ দত্তই নগাঁও মহাবিদ্যালয়ত অধ্যাপনা কৰা সময়ৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰাৰ লগতে বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হবলৈ ধৰা নগাঁও মহাবিদ্যালয়( স্বতন্ত্ৰ )ৰ উত্তৰণত সকলোৰে সহযোগিতা কামনা কৰে ।
শিক্ষাপ্ৰতিষ্ঠানখনৰ ছাত্র-ছাত্রীয়ে লাভ কৰা বিভিন্ন বঁটা সমূহ মুকলি সভাত প্ৰদান কৰাৰ লগতে একাংশ ছাত্ৰ-ছাত্রীয়ে গীত-মাত পৰিবেশন কৰে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।
সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি মন্ত্ৰী ডা: পেগুৱে কয় যে নগাঁও মহাবিদ্যালয়ে ৭৫ বছৰীয়া ঐতিহ্য ভৱিষ্যতলৈ লৈ যাব লাগিব। কেৱল ডাক্তৰ, ইঞ্জিনিয়াৰ , প্ৰবক্তা হ’লেই নহ’ব। নয়নমণি শইকীয়াৰ দৰে ক্ৰীড়াবিদৰ জন্ম হ’ব লাগিব। সৌৰভ জ্যোতি শইকীয়া আৰু মনোজ বসুমতাৰীৰ দৰে মানুহৰো এই সমাজত প্ৰয়োজন আছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।
নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীত উপস্থিত সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা কলেজ পৰিয়ালক মন্ত্ৰী গৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰে । ইপিনে জনপ্ৰিয় কণ্ঠশিল্পী জুবলীৰ সংগীতৰ অনুষ্ঠান আৰু বেহাৰবাৰী খ্যাত কেকে- মোহনৰ অনুষ্ঠানেৰে নগাঁও মহাবিদ্যালয় ( স্বতন্ত্ৰ )ৰ মহাৰজত জয়ন্তীৰ সামৰণি পৰে।













