![]()
অসমত Assam অব্যাহত আছে হস্তী-মানৱৰ সংঘাত Human-elephant conflicts। এইবাৰ সোণাৰি চাহ বাগিচাত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুই যুৱকৰ। বৰদিন উদযাপন কৰি ঘৰ উভতি অহা সময়ত মঞ্জুশ্ৰী বাগিচাৰ ১০ নং লাইনত বনৰীয়া হাতীৰ আক্ৰমণত বিকাশ তাঁতী আৰু গোবিন তাঁতী নামৰ দুই যুৱকে অকাল মৃত্যুক আঁকোলিবলগীয়া হয়।

অঞ্চলটোত চলি থকা হাতী মানুহৰ সংঘাতক ৰোধ কৰাত ব্যৰ্থ হোৱা বন বিভাগৰ বিষয়া ধীমাংশু শইকীয়াক উত্তৰ বিচাৰে ক্ষোভিত ৰাইজে। মৃতকৰ পৰিয়ালৰ উচিত ক্ষতিপুৰণৰ দাবী উত্থাপন কৰি বন বিভাগৰ বিষয়া গৰাকীক ঘেৰাও কৰা হয়। অৱশেষত, বন বিভাগ আৰু চৰাইদেউ জিলা প্ৰশাসনে উচিত ক্ষতিপুৰণৰ আশ্বাস প্ৰদানত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰশাসনক গটোৱা হয়।













