![]()
সোমবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰত আয়োজিত এক অনুষ্ঠানত গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ ‘হাৱা মহল’ৰ দায়িত্ব অসম চৰকাৰৰ হৈ আনুষ্ঠানিকভাৱে চমজি ল’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে ইতিহাস প্ৰসিদ্ধ এই গৃহটো এক ঐতিহ্য কেন্দ্ৰ হিচাপে অসম চৰকাৰে ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণ কৰিব। এই উপলক্ষে হাৱা মহল চৌহদৰ সংৰক্ষণৰ কাম-কাজৰ শুভাৰম্ভণিৰ বাবে আয়োজিত এক ভূমি পূজনতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত উপস্থিত থাকি গৃহটোৰ সকলো উন্নয়নমূলক কাম-কাজ অহা ১ জানুৱাৰী, ২০২৪ৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
উক্ত অনুষ্ঠানত কেবিনেট মন্ত্ৰী বিমল বড়া, জয়ন্তমল্ল বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমিতিৰ সচিব সুদৰ্শন ঠাকুৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদুৰীৰ লগতে চৰকাৰৰ উচ্চপদস্থ বিষয়া আৰু প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে।













