![]()
ডিব্ৰুগড়ৰ Dibrugarh জকাইৰ ৫২ নং (বি) ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিআলিত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা Accident। নাম্বাৰ প্লেটহীন তীব্ৰবেগী এখন মালবাহী ডাম্পাৰে বিপৰীত দিশৰ পৰা অহা এএচ ০৬ টি ৮৩৫৫ নম্বৰৰ বেলেন’ গাড়ীখনত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

বেলেন’ খনত থকা আৰোহী তথা ডিব্ৰুগড়ৰ কনভয় ৰোডৰ কছাৰীবাৰীৰ নিবাসী বাপু হুচেইনে মৃত্যুক আঁকোৱালি লয় আৰু বৈৰাগীমঠৰ নিবাসী চালক চাকিল জাহানক সংকটজনক অৱস্থাত মেডিকেলত ভৰ্তি কৰোৱা হয়। গাড়ীখনত জোৰেৰে খুন্দা মৰাৰ ফলত বেলেনখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰাৰ সমান্তৰালকৈ চালক তথা আৰোহী গৰাকী বহু সময় ধৰি গাড়ীখনত আৱদ্ধ হৈ থাকে।
পাছত স্থানীয় লোকে দুৱাৰ ভাঙি চালক আৰু আৰোহী গৰাকীক উদ্ধাৰ কৰি তৎকালীনভাৱে চিকিৎসালয়ত প্ৰেৰণ কৰে। ঘটনাস্থলীত বৰবৰুৱা থানাৰ আৰক্ষীসহ যানবাহন আৰক্ষী উপস্থিত হৈ ডাম্পাৰখন জব্দ কৰি চালক তথা ঢকুৱাখানাৰ ভাতিজালভাৰীৰ নিৱাসী দেৱজিৎ শইকীয়াক আটক কৰে।
স্থানীয় জকাইৰ কলিয়নী, হাৰকপথাৰ, পানীতোলা,চামগুৰি,হাহঁচৰা গাঁৱৰ ৰাইজে অভিযোগ কৰা মতে জকাই শৰাইঘাট আৰু খামটি ঘাটৰ পৰা ৫২নং(বি) ৰাষ্ট্ৰীয় ঘাইপথেদি বালি,মাটি কঢ়িয়াই নিয়া ডাম্পাৰ গাড়ীৰ দৌৰাত্ম্যই সাধাৰণ জনতাক ত্ৰাসিত কৰি তুলিছে যদিও প্ৰশাসনে এই পৰ্যন্ত নাকি লগাব নোৱাৰাটোৱে সকলোকে শংকিত কৰি তুলিছিল।
ডাম্পাৰ সমূহ তীব্ৰ বেগেৰে চলোৱা তথা অনভিজ্ঞ চালকে চলোৱাৰ পৰিপ্ৰেক্ষিতত যান-বাহনৰ কথাটো বাদেই পথেদি চাইকেল আৰোহী,পদাচাৰী যোৱাটো একপ্ৰকাৰ বিপদাপন্ন হৈ পৰিছে।
সেয়ে স্থানীয় ডাম্পাৰ, মালবাহী গাড়ী তথা গধুৰ যান-বাহন চলাচলৰ গতিবেগ হ্ৰাস কৰাৰ দাবী জনোৱাৰ লগতে তীব্ৰ বেগী ডাম্পাৰ চালকৰ মইমতালিৰ বিৰুদ্ধে জিলা পৰিবহণ বিভাগ,আৰক্ষীৰ যান-বাহন বিভাগক অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী জনায়। অন্যথা ৰাইজে দাবী পূৰণৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও সকিয়াই দিয়ে।













