
নগাঁও চহৰৰ আমোলাপট্টিস্থিত নগাঁও নাট্য মন্দিৰ চৌহদত আজি নগাঁও জিলা ব্ৰাহ্মণ সমাজ (Nagaon District Brahmin Society)ৰ ৩৪ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। আজি পুৱা অধিবেশনৰ পতাকা উত্তোলন কৰে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাই।

বিয়লি ৰবীন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি তথা অসম ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি বিশিষ্ট শিক্ষাবিদ লক্ষী নাৰায়ণ শৰ্মাই। শিক্ষাবিদ শৰ্মাই ব্ৰাহ্মণ সমাজৰ নীতি-আদৰ্শৰ বিষয়ে উল্লেখ কৰি কয় যে, মানুহে আত্মাক পৰিচৰ্যা কৰি আগবাঢ়ি যাব লাগে।
সৎকৰ্মৰে মানুহৰ হিত চিন্তা কৰাৰ লগতে সকলোকে সম দৃষ্টিৰে চাব লাগিব। ইয়াৰবাবে মানুহক সৎসংগৰ প্ৰয়োজন। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় বঁটা প্ৰাপক প্ৰাক্তন প্ৰধান অধ্যাপক যজ্ঞপতি শৰ্মা শাস্ত্ৰীয়ে ব্ৰাহ্মণ সমাজৰ সদস্যসকলক জনহিতৰ অৰ্থে কাম কৰি যাৱলৈ আহ্বান জনাই কয় যে সংস্কাৰৰ দ্বাৰাহে মানুহে ব্ৰহ্মত্ব লাভ কৰিব পাৰে। প্ৰকৃত ব্ৰাহ্মণ হ’বলৈ হ’লে ব্ৰহ্মক জানিব লাগিব।
নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ প্ৰধান সম্পাদক নৰেন্দ্ৰ নাথ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত অৱসৰ প্ৰাপ্ত শিক্ষা বিষয়া প্ৰবীন্দ্ৰ নাথ শৰ্মা, শিক্ষাবিদ যুক্তিনাথ খাউণ্ড, ফণীধৰ শৰ্মা, কুশ চন্দ্ৰ ভট্টাচাৰ্য প্ৰমুখ্যে ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ইয়াৰ পূৰ্বে আজি পুৱা ভাগত অনুষ্ঠিত বিষয় বাচনি সভাত নৰেন্দ্ৰ নাথ শৰ্মাক সভাপতি, বেদানন্দ ভাগৱতীক কাৰ্যকৰী সভাপতি আৰু দ্বিজেন গোস্বামীক সম্পাদক হিচাপে লৈ নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ আগন্ত্তক কাৰ্যকালৰ বাবে এখন নতুন সমিতি গঠন কৰা হয়। উল্লেখ্য যে, ১৯৭৩ চনত প্ৰতিষ্ঠা লাভ কৰা নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ ২৫ খন আঞ্চলিক সমিতি আছে। আগন্ত্তক বৰ্ষত নগাঁও জিলা ব্ৰাহ্মণ সমাজে সোণালী জয়ন্তী বৰ্ষত খোজ পেলাব।












