![]()
বৌদ্ধিক তথা গ্ৰন্হানুৰাগী লোকৰ আকৰ্ষনৰ কেন্দ্ৰ হৈ পৰা নগাঁও চহৰৰ বুক নুক কেফেট আজি লেখক ৰাতুল কুমাৰ শইকীয়াৰ অসমীয়া ‘ফৰাচী কবিতা’ শীৰ্ষক এখন ফৰাচী কবিতাৰ অনুবাদ গ্ৰন্হ উন্মোচন কৰা হয় । গ্ৰন্হখন উন্মোচন কৰি বুক নুক কেফেৰ স্বত্বাধিকাৰী প্ৰশান্ত বৰাই কয় যে

সাহিত্যৰ কাৰণে এইটো এটা শুভ সংকেত যে অনুবাদ সাহিত্যই অসমীয়া সাহিত্য পাঠকৰ ৰুচিৰ সূচীত আনিছে। ফৰাচী কবিতা অসমীয়ালৈ অনুবাদ পূৰ্বেও হৈছে। হয়তো হোমেন বৰগোহাঞিয়ে প্ৰথম ব’দ’লেৰৰ কেইটামান কবিতা অসমীয়ালৈ অনুবাদ কৰে। তাৰ পাছত অজিত বৰুৱা, দিলীপ বৰুৱাদেৱেও কিছু ফৰাচী কবিতা অসমীয়ালৈ অনুবাদ কৰে।
এইক্ষেত্ৰত এক ৰাতুল কুমাৰ শইকীয়াৰ অনুবাদত প্ৰকাশ পোৱা ফৰাচী কবিতা এক উল্লেখনীয় কাৰ্য হিচাপে বিবেচিত হব। উনবিংশ শতিকাৰ ৰোমান্তিক কবি জেৰাৰ্ড ডে নেৰ্ভেলৰ পৰা ৰ’বাৰ্ট ডেচনচলৈ মুঠ ২৫ গৰাকী কবিৰ কবিতা গ্ৰন্হখনত অন্তৰ্ভুক্ত কৰা হৈছে। ইপিনে আন এগৰাকী উন্মোচক হিচাপে অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট কবি প্ৰয়াগ শইকীয়াই নৱকান্ত বৰুৱাৰ প্ৰসংগ টানি আনি কয় যে মোৰ যেতিয়া কবিতা নাথাকে তেতিয়া মই আনৰ কবিতা লিখো। অনুবাদৰ যোগেৰে এজন লেখক সমৃদ্ধ হয়।
কাব্য গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত লেখক ৰাতুল কুমাৰ শইকীয়া, দুলাল বৰা, কবি কুমাৰ বিভূতি সহ কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। আনহাতে কবি কুমাৰ বিভূতিয়ে কাব্যগ্ৰন্থখনৰ জৰিয়তে ফৰাচী কবিতাৰ প্ৰতি অসমীয়া পাঠকৰ অনুৰাগ বঢ়াব বুলি আশা প্ৰকাশ কৰে ।













