![]()
ভোগৰ ভোগজৰাটি লৈ পুনৰ আহিল ভোগৰ ভোগালী (Magh Bihu)। এৰা আহিবইতো, এয়া যে অসমীয়া জাতিৰ প্ৰাণ, অসমীয়াৰ মান, কৃষিজীৱী চহা গঞাৰ হৃদস্পন্দন । ভোগালী মানে ভোগৰ উছৱ, ভোগ ভাগ-বতৰা কৰাৰ এক কৌটিকলীয়া পৰম্পৰা । এই পৰম্পৰা আৰু তাৰ আঁচলত ধৰি অহা লোকাচাৰৰ মেটমৰা সম্ভাৰৰ অসমীয়া কৃষ্টি-সংস্কৃতিৰ উৰ্বৰা ভঁৰাল ।

হেঁপাহৰ সোণগুটি ভঁৰালত সোমাওঁ কি নোসোমাওঁতেই কৃষিজীৱী চহা গঞাই লখিমীক আদৰাৰ পৰম্পৰা হৈছে ভোগালী বিহু । দুখ-ভাগৰ, বেদনা-কষ্ট, অভাৱ-অনাটন সকলো কাটি কৰি এক নতুন জীৱনৰ পণ লোৱাৰ উছৱ হৈছে এই ভোগালী বিহু । পুহৰ নিহালি কাটি কৰি মাঘৰ বিহুৰে ব’হাগলৈ বাট বুলাৰ প্ৰতিশ্ৰুতি ।
হাঁহে-মাহে, পৰিয়াল-পৰিজনে, বন্ধু-বান্ধৱে, আত্মীয়-কুটুম্বে লগে-ভাগে এসাঁজ খোৱাৰ এক অনাবিল আনন্দৰ পৰম্পৰা আজিৰ ভোগালীৰ উৰুকা । ইতিমধ্যে ৰাজ্যজুৰি ভোগালীৰ উৰুকাৰ প্ৰস্তুতি প্ৰায় অন্তিম পৰ্যায়ত । বিধে বিধে লাড়ু-পিঠা, দৈ-গাখীৰ, চুঙাপিঠা, বিবিধ প্ৰকাৰৰ বিভিন্ন আকাৰৰ মাছ, বিবিধ প্ৰকাৰৰ মাংসৰে উপচি পৰিছে প্ৰতিটো গৃহস্থৰ পাকঘৰ ।
ধনী-দুখীয়া সকলোৱে মিলি এসাঁজ লগভাত খোৱাৰ বাবে প্ৰস্তুত হৈ উঠিছে পথাৰৰ ভেলাঘৰো । লগতে দুৰ্বল দেহ-মনক সেকি পূৰঠ কৰিবলৈ, অগ্নি দেৱতাক চিন্তি মনৰ অসূয়া-অপ্ৰীতি আঁতৰাবলৈ প্ৰস্তুত হৈছে মেজি । মেজিৰ জুইত সকলো বেয়া চিন্তা, বেয়া কথা দাহ কৰি এক নতুন জীৱনৰ বাবে, নতুন যাত্ৰাৰ বাবে আগবঢ়াৰ সংকল্প ল’বলৈ মাজত মাথোঁ কেইটামান মুহূৰ্ত বাকী । ভোগালী হৈছে অসমীয়া সমাজ-জাতিৰ এক শক্তিশালী মনোবলৰ বতৰা । এই ভোগালীত ভোগ থাকিলেও সেয়া ভোগ সৰ্বস্ব পৃথিৱীৰ পৰা বহু নিলগত ।
ইয়াত থাকে মাথোঁ ভোগৰ মাজতো আন্তৰিকতা আৰু ইজনে-সিজনৰ প্ৰতি থকা দায়বদ্ধতাৰ নিদৰ্শন । সবলে দুৰ্বলক, শক্তিশালীয়ে নিশকতীয়াক মনখুলি সহায়-সাহায্য কৰাৰ এক অঘোষিত নিয়ম । মেজিৰ জুই পুৱাই সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ লোৱা আৰু জ্যেষ্ঠজনে কনিষ্ঠক মৰম-আশীৰ্বাদ দিয়াটো আন এক লোকাচাৰ । মাঘ বিহুৰ পৰম্পৰাৰ মাজত প্ৰকাশ পায় অসমীয়া সমাজ জীৱনৰ এক সুমধুৰ সংস্কৃতি ।
যি সংস্কৃতিৰ সুবাসত সুবাসিত হৈ আছে অসমীয়া জাতি । আহক আজিৰ এই ঐতিহ্যময় দিনটোত আমি সকলোৱে হাতে হাত ধৰি এখন সুস্থ সমাজ গঢ়াৰ অংগীকাৰ লওঁ । যিখন সমাজত আমাৰ ভৱিষ্যত পুৰুষে বিচাৰি পাব তেওঁলোকৰ ইতিহাস । আজিৰ এই উৰুকাৰ নিশাটো সকলোৰে উপভোগ্য হওক । লগতে সদৌটিলৈকে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ । Assam Times Post-ৰ সমূহ দৰ্শকলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ।













