![]()
ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত(Elephant-human conflict)। এই সংঘাতৰ খবৰে সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা বনপ্ৰাণী সকলক জীৱশ্ৰেষ্ঠ প্ৰাণী সকলে অত্যাচাৰ কৰা পৰিলক্ষিত হয়। সমান্তৰালকৈ, ৰাজ্যৰ বনবিভাগো এই ক্ষেত্ৰত হাত এৰি দিয়া দেখিবলৈ পোৱা যায়।

শেহতীয়াকৈ অৰ্থাৎ উৰুকাৰ নিশা মাৰ্ঘেৰিটা টেঙাপথাৰত আনন্দ উল্লাহৰ মাজতে নিশা মৃত্যুমুখত পৰে এজনী বনৰীয়া হাতী।কেমেৰাৰ সমুখত কোনো ধৰণৰ মন্তব্য দিবলৈ নিবিচৰা একাংশ ব্যক্তিয়ে জানিবলৈ দিয়া মতে, দুষ্ট চক্ৰৰ লোকে হাতী জনীক পৰিকল্পিতভাৱে হত্যা কৰে। বনবিভাগৰ মন্তব্যত সচেতন মহল বৰ্তমানেও আস্বস্ত হ’ব পৰা নাই।
উল্লেখ্য যে, বিগত দিনতো এই অঞ্চলত বহুকেইটা বনৰীয়া হাতী মৃত অৱস্থাত উদ্ধাৰৰ ঘটনা সংঘটিত হৈছিল বুলি স্থানীয় ৰাইজে কয়। ইয়াৰ লগতে, মৃত হাতীজনীৰ দুগ্ধ প্ৰাণ কৰি থকা এটি পুৱালীও আছে বুলি সূত্ৰত প্ৰকাশ পাইছে কিন্তু কোনো দুষ্ট চক্ৰই বিদ্যুতৰ তাঁৰ সংযোগ কৰি হাতীজনীক হত্যা কৰে।
উক্ত অঞ্চলটো দিহিং সংৰক্ষিত বনাঞ্চালৰ কাষৰীয়া বন গাওঁ হোৱাৰ বাবেই স্থানীয় গাওঁ বাসীয়ে মৃত হাতীজনীৰ প্ৰকৃত মৃতৰ কাৰণ গাপ দিয়াৰো অভিযোগ উত্থাপন হৈছে। বিভিন্ন জন কমিচনভোগী বনবিভাগৰ লোকৰ কুম্ভকৰ্ণ নিদ্ৰাৰ ফলতেই এনে অনুৰূপ ঘটনা প্ৰায়ে সংঘটিত হোৱাৰ দাবী উত্থাপন কৰে ৰাইজে।













