ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপঃ বোকাখাত থানাত উপস্থিত ছাত্ৰ-ছাত্ৰী দল

ASSAM TIMES POST by ASSAM TIMES POST
November 20, 2019
Reading Time: 1 min read
A A
0
ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপঃ বোকাখাত থানাত উপস্থিত ছাত্ৰ-ছাত্ৰী দল

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

বোকাখাতঃ বিস্ময়কৰভাৱে এদল কণ কণ ছাত্ৰ-ছাত্ৰী হঠাতে উপস্থিত হ’লহি বোকাখাত থানাত। সাধাৰণ জীৱনত সাধাৰণ নাগৰিকলৈ ভয়াৰ্ত ভাব কঢ়িয়াই অনা “ৰঙা টুপী” বুলি চলি অহা তথাকথিত ধাৰণাৰ বিপৰীতে আইন শৃংখলা ধৰি ৰাখি নাগৰিকক সুখ, শান্তি আৰু ন্যায় প্ৰদানৰ সুৰক্ষা দিয়াত আৰক্ষীৰ ত্যাগ আৰু ভূমিকাক বাস্তৱত বুজ লোৱাৰ মহৎ অভিপ্ৰায়েৰে বোকাখাত মহকুমাৰ অন্তৰ্গত ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ৰ এদল কণ কণ ছাত্ৰ-ছাত্ৰী বিদ্যালয়খনৰ প্ৰধান শিক্ষক নবীন দাসৰ সৈতে হঠাতে অলপতে পদাৰ্পন ঘটিল বোকাখাত আৰক্ষী থানাত পুৱাৰ ভাগত।

WhatsApp Image 2019 11 20 at 12.09.02 PM | ASSAM TIMES POST

বোকাখাত মহকুমাৰ শৈক্ষিক, সাংস্কৃতিক ক্ষেত্ৰৰ অন্যতম অগ্ৰণী অঞ্চল ৰজাবাৰীৰ এখনি উল্লেখযোগ্য প্ৰাথমিক শিক্ষানুষ্ঠান ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ৰ জিলা কৃতি শিক্ষকৰ বঁটা প্ৰাপক এইগৰাকী প্ৰধান শিক্ষকৰ নেতৃত্বত ক্ষেত্ৰ অধ্যয়নৰ বাবে থানাখনলৈ যোৱা কণ কণ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰি উপস্থিত আৰক্ষী বিষয়াই সৰলভাৱে বুজাই দিলে আৰক্ষীয়ে ক’ত কেতিয়া আৰু কি পৰিস্থিতিত কেনে ভূমিকা গ্ৰহণ কৰে, অপৰাধীক কৰায়ত্ত কৰি কেনেদৰে লক আপত ৰাখে, অপৰাধীক কি কি শাস্তি দিয়ে, থানাত বন্দুককে আদি কৰি কি কি সামগ্ৰী ৰখা হয়, শিশু অপৰাধীকো কেনেদৰে মৰমৰ পৰামৰ্শৰে মূল সূঁতিলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা লোৱা হয়, আৰক্ষী মানেই ভয়ৰ কাৰণ হোৱা অনুচিত, ন্যায় প্ৰদানৰ স্বাৰ্থত সাধাৰণ নাগৰিকৰ কাৰণে প্ৰতি মুহূৰ্ততে যে আৰক্ষী উপলব্ধ ইত্যাদি বহু মূল্যবান কথাৰ।

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/11/WhatsApp-Video-2019-11-20-at-12.09.00-PM.mp4

এই শিশুহঁতেই ভৱিষ্যতৰ শক্তিশালী সমাজ, জাতি আৰু দেশ গঢ়াৰ ভেঁটি। সেয়েহে শিশুৰ কুমলীয়া মনৰ পৰা সাম্প্ৰতিক সময়ৰ অপৰাধ প্ৰৱণতাৰ কু-প্ৰভাৱ আঁতৰাই শিশুৰ মনত আইন আৰু আৰক্ষীৰ ভূমিকা সম্পৰ্কে সচেতনতা জন্মাই ভৱিষ্যতৰ সৎ নাগৰিক কৰি গঢ়ি তোলাৰ মহৎ আৰু ব্যতিক্ৰম প্ৰচেষ্টাৰ উদাহৰণ দেখুৱালে বিদ্যালয়খনৰ প্ৰধান শিক্ষক নবীন দাসে। বোকাখাত যান বাহন আৰক্ষীৰ মূৰব্বী বিষয়া গোবিন কাকতিয়ে ছাত্ৰ-ছাত্ৰীসকলক যান বাহনৰ নীতি নিয়মৰ লগতে যান বাহন আৰক্ষীৰ বগা পোচাক আৰু থানা আৰক্ষীৰ খাকী পোচাকৰ বিষয়ে বিতংকৈ বুজাই দিয়ে। দলটিত আৰু উপস্থিত আছিল বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গোবিন কাকতি, বিদ্যালয়খনৰ সহ শিক্ষকদ্বয় অনন্ত শইকীয়া আৰু চন্দ্ৰালী খাওণ্ড, বিদ্যালয়ৰ মাতৃগোটৰ সম্পাদিকা ভৱানী দাস আৰু কিছু সংখ্যক অভিভাৱক। স্থানীয় ছপা আৰু বৈদ্যুতিন দুয়োটি মাধ্যমৰ সংবাদকৰ্মীসকল উপস্থিত থকা অনুষ্ঠানটিত উৎসাহ-উদ্দীপনাৰে সহযোগিতা আগবঢ়ালে বৰচাপৰি মণ্ডল-সমল কেন্দ্ৰৰ সমন্বয়ক দীপক বৈৰাগীয়ে। শিশু ছাত্ৰ-ছাত্ৰীসকল তথা ক্ষেত্ৰ অধ্যয়নৰ দলটিক বোকাখাত আৰক্ষী থানাত মিঠাইৰে আপ্যায়ন কৰা হয়। পূৰ্বেও এইগৰাকী প্ৰধান শিক্ষকৰ নেতৃত্বত বিদ্যালয়খনে বহু ব্যতিক্ৰমী কাৰ্যসূচী সম্পন্ন কৰাৰ দৃষ্টান্ত আছে। এনে প্ৰচেষ্টাত অভিভাৱক, স্থানীয় ৰাইজৰ লগতে বোকাখাতৰ বৌদ্ধিক মহলৰ শলাগ আৰু চৰ্চালৈ আহিছে ৰজাবাৰী প্ৰাথমিক বিদ্যালয়।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx