![]()
ভাৰতবৰ্ষৰ সভাপতিত্বত আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক (International Economics ) সহযোগিতা বৃদ্ধিৰ অগ্ৰণী মঞ্চ জি-২০ৰ (G-20) পাঁচখনকৈ বৈঠক অসম অনুষ্ঠিত হৈছে। “এক ৰাষ্ট্ৰ এক পৰিয়াল” ৰ মূলমন্ত্ৰৰে আয়োজিত এই সন্মিলনত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে বহুলভাৱে প্ৰশংসা কৰি থৈ যোৱা তাঁত শিল্প প্ৰদৰ্শনৰ হেতু শুৱালকুছি বাসীও সাজু হৈছে।

কাইলৈ অৰ্থাৎ ৪ ফেব্ৰুৱাৰীৰ পুৱা ৮.৩০ বজাত জি-২০ ৰ প্ৰতিনিধি সকলে শুৱালকুছিৰ বিশেষত্ব সমূহক পৰিদৰ্শন কৰাৰ সমান্তৰালকৈ পাট-মুগা বস্ত্ৰ ক্ৰয় কৰিব পাৰিব। প্ৰতিনিধি দলটোৱে শুৱালকুছিৰ দামোদৰ দেৱ মন্দিৰ পথৰ এটা পৰিয়ালৰ তাঁতশালৰ ফেক্টৰীত উপস্থিত হৈ শিপিনীৰ কাৰুকাৰ্য্যৰ লগতে তেখেত সকলৰ সৈতে মত-বিনিময় কৰিব। হাজো ৰাজহ চক্ৰৰ বিষয়া অপ্ৰতীম গোস্বামীয়ে শুৱালকুছি তোৰণৰ সমীপত অস্থায়ীভাৱে সাজু কৰা প্ৰদৰ্শন স্থলীত উপস্থিত তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্ন কথা জানিবলৈ দিয়ে।
তেওঁ কয় যে, শুৱালকুছিক বিশেষ প্ৰাধান্য প্ৰদান কৰা এই সন্মিলনত অসম চৰকাৰৰ ৰেচম, হস্ততাঁত বস্ত্ৰ শিল্প বিভাগ, শুৱালকুছি ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠান আদিৰ লগতে স্থানীয় শিপিনী,মুগা-পাট কাপোৰৰ ব্যৱসায়ী শুৱালকুছিৰ কাপোৰৰ বিশুদ্ধতাৰ পৰীক্ষা আদিৰ ১৪ টা ষ্টল থাকিব।প্ৰতিনিধি সকলে মুগা লেটাৰ পৰা আৰম্ভ কৰি কাপোৰ বৈ উলিওৱা পদ্ধতিলৈ সকলো প্ৰত্যক্ষ কৰিব পাৰিব।” তেওঁ আগলৈ কয় যে, শীৰ্ষ সন্মিলনৰ প্ৰতিনিধিৰ বাবে কামৰূপ জিলাই দুখন ঠাই ক্ৰমে গুৱাহাটী আই আই টি আৰু বিশ্ব সমাদৃত শুৱালকুছিৰ তাঁত শিল্পক নিৰ্বাচন কৰিছে ।
এই সন্মিলনৰ জৰিয়তে অসমবাসীয়ে এক নতুন চিনাকী লাভ কৰাৰ লগতে বিশ্বায়নৰ দিশে খোজ দিব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক গাওঁবাসীয়ে প্ৰশংসা কৰিছে। বিশ্বৰ আগশাৰীৰ দেশসমূহৰ প্ৰতিনিধি সকলে শিল্পটো বহিঃৰাজ্যত স্বীকৃতি প্ৰদান কৰক সেয়া ইয়াৰ শিপিনী ৰাইজৰ আশা। চৰকাৰৰব বিভিন্ন বিভাগ সমূহে নিজা নিজা ক্ষেত্ৰত জি-২০ প্ৰতিনিধি সকলক আদৰাৰ উদ্দেশ্যৰে যথেষ্ট প্ৰয়াস কৰিছে।













