![]()
বঙাইগাঁও(Bongaigaon)জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰখাতাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক দুৰ্ঘটনাত(Road Accident) থিতাতে নিহত হ’ল এগৰাকী আৰক্ষী জোৱান।১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাত নিহত হোৱা জোৱান জন ধুুবুৰী জিলাৰ বহলপুৰৰ খজেন্দ্ৰ সিং অভয়াপুৰী থানাত কৰ্মৰত হৈ আছিল।

বৰখাতাৰ ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ১৯ এ চি ৪৭১৩ নম্বৰৰ এখন বলেৰ’ পিক আপ ভেনখনে বিপৰীত দিশৰ পৰা আহি এ এছ ১৯ জে ০৮৫৩ নম্বৰৰ বাইক খনক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। মৃত্যুৰ সময়ত মৃত আৰক্ষী জোৱান জনে পত্নী আৰু পুত্ৰক ইহ সংসাৰত এৰি থৈ যায়।













