![]()
আজি ৫ নতুন ন্যায়াধীশ (5 New Judges) লাভ কৰিলে দেশৰ সৰ্বোচ্চ আদালতে।তেওঁলোকক শপত বাক্য পাঠ কৰায় প্রধান ন্যায়াধীশে। সোমবাৰে প্রধান ন্যায়াধীশ ডি ৱাই চন্দ্রচুৰে(DY Chandrachud), পঙ্কজ মিথাল(Pankaj Mithal), সঞ্জয় কাৰোল(Sanjay Karol), পিভি সঞ্জয় কুমাৰ(Sanjay Kumar), আহছানউদ্দিন আমানুল্লাহ(Ahsanuddin Amanullah) আৰু মনোজ মিশ্রকে(Manoj Misra) শপত বাক্য পাঠ কৰায়।

২০২২ চনৰ ডিচেম্বৰ মাহত দেশৰ শীর্ষ আদালতৰ বাবে ৫ ন্যায়াধীশৰ নাম পৰামৰ্শ দিয়া হৈছিল। ৪ ফেব্রুৱাৰীত নিয়োগৰ অনুমোদন দিয়ে আইন মন্ত্রীয়ে। উল্লেখ্য, এই মুহূর্তত ছুপ্রিম কোর্টৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি হৈ ৩২ হৈছে।
সর্বাধিক ৩৪ জন ন্যায়াধীশ থাকিব পাৰে দেশৰ শীর্ষ আদালতত। উল্লেখ্য, ছুপ্রিম কোর্টৰ (Supreme Court) ৫ ন্যায়াধীশৰ নাম পৰামৰ্শ দিয়াৰ পিছতেই বিবাদ আৰম্ভ হৈছিল। কেন্দ্র আৰু ছুপ্রিম কোর্টৰ বিবাদৰ পিছত শীর্ষ আদালতৰ সিদ্ধান্ততেই ছিল-মোহৰ মাৰে কেন্দ্রই।











