![]()
হোজাইৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত শংকৰদেৱ নগৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমুখত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। চলন্ত অৱস্থাত হঠাৎ দাউ-দাউকৈ জ্বলি উঠে AS 02 AC 1752 নম্বৰৰ এখন যাত্ৰীবাহী আল্ট্ৰা বাছ(An ignited passenger Bus)। লংকাৰ পৰা যাত্ৰী লৈ বিয়লি নগাঁও অভিমুখে গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

বাছখনত প্ৰায় ৪০ জনৰো অধিক যাত্ৰী ঘছিল। অগ্নিসংযোগ হোৱা দেখি বাছখনৰ খিৰিকী ভাঙি জপিয়াই ওলাই প্ৰাণ ৰক্ষা কৰে যাত্ৰী সকলে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ততাতৈয়াকৈ শংকৰদেৱ নগৰৰ অগ্নি নিৰ্বাপক বাহিনী আৰু শংকৰ দেৱ নগৰ আৰক্ষী উপস্থিত হৈ যাত্ৰী সকলক উদ্ধাৰ কৰে। আল্ট্ৰা বাছখন কি কাৰণত জ্বলি উঠিল সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই।













