![]()
সদৌ অসম চৰকাৰী (All Assam Government) এনপিএছ কৰ্মচাৰী (NPS Employee) সন্থাৰ উদ্যোগত পুৰণি পেঞ্চন নীতি (Old Pension Policy) পুণৰ প্ৰতিষ্ঠাৰ বাবে আজি ৰাজ্যজুৰি কৰ্ম বিৰতি পালন কৰা হৈছে ৷ সেয়ে উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি আজি বিয়লি ডিফু উপায়ুক্ত কাৰ্যালয়ত (Diphu Deputy Commissioner’s Office) জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ উদ্যোগত কৰ্মবিৰতি কাৰ্যসুচী পালন কৰা হয় ৷

জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক আশীষ দাসে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়যে, মন্ত্ৰী, বিধায়ক আৰু সাংসদ সকলে যেনেদৰে আজীৱন পেঞ্চন লাভ কৰে তেনেদৰে কৰ্মচাৰী সকলেও লাভ কৰিব লাগে ৷
ৰাজস্থান, পঞ্জাৱ আৰু সত্তীশ গড়ৰ চৰকাৰে যেনেকে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি লাগু কৰিছে তেনেদৰে অসমতো কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন নীতি প্ৰযোজ্য কৰাৰ বাবে ডিফুতো জিলা প্ৰশাসনৰ কৰ্মচাৰী সকলে কৰ্মবিৰতি পালন কৰিছে বুলি কয় ৷












