ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত : প্ৰৱল ইচ্ছা শক্তিৰ বাবেই প্ৰাথমিক পৰ্যায়ৰ আৰ্থিক বাধাকো অতিক্ৰম কৰি এগৰাকী সফল অসমীয়া ব্যবসায়ী ৰূপে নিজকে প্ৰতিষ্ঠা কৰা বোকাখাতৰ শৰ্মা ৰেডিঅ’ এণ্ড ইলেক্ট্ৰিকেলচৰ স্বত্বাধিকাৰ পূৰ্ণ কান্ত শৰ্মাক ব্যবসায়ৰ পঞ্চাশ বৰ্ষপূৰ্তিত বোকাখাতত বিপুল সম্বৰ্ধনা জনোৱা হয়। ১৯৪৩ চনত দেৰগাঁৱৰ শিঙৰাজানত জন্ম লাভ কৰা শৰ্মাই বোকাখাতত শিক্ষা গ্ৰহণ কৰি ডিমাপুৰত বিদ্যুত বিভাগত যোগদান কৰে। মাতৃৰ বিয়োগত সেই চাকৰি ত্যাগ কৰি ১৯৬৯ চনত বোকাখাতত ফিলিপছ ৰেডিঅৰ ডিলাৰশ্বীপ লৈ ব্যবসায়ৰ পাতনি মেলে। ব্যবসায়ৰ লগতে বোকাখাতৰ আৰ্থ সামাজিক জীৱনত ওতঃপ্ৰোতভাৱে সাঙোৰ খাই পৰা শৰ্মা বোকাখাত দৈনিক বজাৰ সমিতি, বোকাখাত ব্যবসায়ী সন্থা, বাৰোৱাৰী পূজা সমিতি, বোকাখাত নাট্য মন্দিৰ, ক্ৰীড়া সন্থা, জ্যেষ্ঠ নাগৰিক মঞ্চ আদিৰ উপৰিও বহুতো অনুষ্ঠান প্ৰতিষ্ঠানৰ সতে জড়িত হৈ পৰে। বোকাখাতৰ আশীৰ দশকত ফুটবল খেলৰ এজন সক্ৰিয় খেলুৱৈ আৰু সংগঠক আছিল। বোকাখাতৰ সাহিত্য সংস্কৃতি আৰু ক্ৰীড়াৰ আড্ডা থলীলৈ পৰ্যবসিত হৈছিল পূৰ্ণকান্ত শৰ্মাৰ ব্যবসায়ীক প্ৰতিষ্ঠান। বহুতো অনুষ্ঠানৰ কাৰ্যসূচীৰ প্ৰাথমিক আলোচনা এই প্ৰতিষ্ঠানতে সম্পাদনা হৈছিল। যোৱা ১৯ নবেম্বৰত প্ৰদ্যুৎ মহন্তই আঁত ধৰা এক প্ৰেৰণামূলক অনুষ্ঠানত বোকাখাতৰ প্ৰায় ত্ৰিশ অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিয়ে শৰ্মাক অভিনন্দন জ্ঞাপন কৰে। গীত নৃত্য অন্তৰংগ আলাপত ব্যবসায়ৰ সোণালী জয়ন্তীৰ ক্ষনত বহু শুভাকাংক্ষীৰ শুভেচ্ছাই শৰ্মাক উৎসাহিত কৰে লগতে ন প্ৰজন্মৰ ব্যবসায়ী সকলৰ বাবে এক প্ৰেৰণাৰ নিদৰ্শন বুলি উপস্থিত সকলে মন্তব্য কৰে।













