![]()
মিঞা মিউজিয়ামৰ পোষকতা, উচ্ছেদৰ বিৰোধিতা আদিৰ লগতে উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰে বিতৰ্কৰ আৱৰ্তত সোমাই পৰি ৰঙাঘৰৰ আলহী হোৱা বাঘবৰ সমষ্টিৰ নিলম্বিত কংগ্রেছ বিধায়ক শ্বেৰমান আলীয়ে (Sherman Ali) শেহতীয়াকৈ হিন্দু আৰু ব্ৰাহ্মণ (Hindus and Brahmins) সন্দৰ্ভত কৰা কটু মন্তব্যক (Harsh comments) লৈ সমগ্ৰ ৰাজ্যৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিধায়ক শ্বেৰমান আলীৰ মন্তব্যত নগাঁও জিলা ব্ৰাহ্মণ সমাজে (Nagaon District Brahmin Society) তীব্র প্রতিক্রিয়া প্ৰকাশ কৰাৰ লগতে বিধায়কগৰাকীৰ এনে মন্তব্যক গৰিহণা দিয়ে।

নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ মুখ্য-উপদেষ্টা ৰবীন্দ্ৰ নাথ শৰ্মা, সভাপতি নৰেন্দ্ৰ নাথ শৰ্মা, উপ-সভাপতি অশোক শর্মা আৰু সাধাৰণ সম্পাদক দ্বিজেন গোস্বামীকে ধৰি সমিতিৰ বিষয়ববীয়াসকল আজি এক আলোচনাত মিলিত বিধায়ক শ্বেৰমান আলীৰ সাম্প্ৰদায়িক মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে, বৈদিক পৰম্পৰা, ঐতিহ্য, সংস্কাৰ আৰু ইতিহাস সন্দৰ্ভত তিলমানো জ্ঞান নথকা বিধায়কজনে ব্ৰাহ্মণসকলক জনমানসত হেয় কৰাৰ লগতে হিন্দুসকলৰ ঐক্য বিনষ্ট কৰিবৰ বাবে এনে নিম্ন মানৰ মন্তব্য কৰিছে।
সততে হিন্দুসকলক লক্ষ্য কৰি উগ্ৰ সাম্প্ৰদায়িক, অসম আৰু অসমীয়াৰ আৱেগবিদ্বষী মন্তব্যৰে নিজকে সংখ্যালঘু মুছলমানৰ ত্ৰাণকৰ্তা বুলি ভবা শ্বেৰমান আলিয়ে দিয়া মন্তব্যৰ কোনো বাস্তৱ ভিত্তি নাই বুলি উল্লেখ কৰি নগাঁও জিলা ব্ৰাহ্মণ সমাজে কয় যে ব্ৰাহ্মণৰ উদ্দেশ্য সকলোৰে শান্তি আৰু মংগল কামনা কৰাহে।বৈদিক পৰম্পৰাৰে ভগৱানৰ উপাসনা কৰি সমাজৰ হিতৰ হৈ কাম কৰা ব্ৰাক্ষণসকলে সদায় মানুহৰ মাজত ঐক্য, সংহতি, সম্প্ৰীতি অটুত ৰখাটোৱে মূল উদ্দেশ্য।

সমাজৰ সকলোৰে কল্যাণ চিন্তা কৰাই ব্ৰাহ্মণৰ উদ্দেশ্য । তেনেস্হলত শ্বেৰমান আলীৰ দৰে এজন উগ্ৰ সাম্প্ৰদায়িক নেতাই ব্ৰাহ্মণক সকলক আজুৰি এনে তীৰ্যক,অবাঞ্চিত মন্তব্য কৰি ব্ৰাহ্মণ সকলৰ অন্তৰত আঘাত দিছে। অতি শীঘ্ৰে বিধায়ক শ্বেৰমান আলীয়ে ৰাজহুৱাভাৱে ক্ষমা নুখুজিলে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহন কৰা হ’ব বুলি নগাঁও ব্ৰাহ্মণ সমাজে বিধায়কগৰাকীক সকিয়াই দিয়ে।
উল্লেখ্য যে বিধায়ক শ্বেৰমান আলীয়ে কালি সংবাদ মাধ্যমৰ সন্মুখত এটা সময়ত ব্ৰাহ্মণসকল অত্যাচাৰী আছিল বুলি উল্লেখ কৰি নিম্ন বৰ্ণৰ হিন্দুৰ বেদৰ বাক্য কাণত সোমালে ব্ৰাহ্মণ সকলে গৰম ঘিউ কাণত ঢালি দিছিল বুলি ব্ৰাহ্মণ সম্প্ৰদায়ক সমালোচনা কৰে। আনহাতে ব্ৰাহ্মণৰ অত্যাচাৰৰ বাবেই এটা সময়ত বহু হিন্দুলোকে ধৰ্ম পৰিবৰ্তন কৰি মুছলমান হৈছিল বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে।












