![]()
বৰপেটা(Barpeta) ৰোডৰ পৰা বিভিন্ন স্থানত ব্ৰাউন চুগাৰ (Drugs) সৰবৰাহৰ বাবে গৈ থকা সময়তে আজি ভৱানীপুৰ ধুমাৰকুমত ১৫ টা ব্ৰাউন চুগাৰৰ টোপোলা সহ তিনি সৰবাৰহ কাৰীক আটক কৰে।

গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বৰপেটা ৰোডৰ পৰা এ এছ ১৫ এ চি ৩৩৬২ নম্বৰৰ গুৱাহাটী অভিমুখে গৈ থকা মেক্সিমো ভানত অভিযান চলায়। কহৰাৰ ওচৰত ধাবা এখনত বাহনসহ তিনিও সৰবৰাহকাৰী ৰৈ থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
আটকাধীন সৰবৰাহকাৰী তিনিজন হৈছে ক্ৰমে হাবিজুল ইছলাম (ধুমাৰ পথাৰ)আজিজুল হক (পাক্ৰিমূৰী)আৰু চুলেমান আলি (চিলাপতনিৰ)। উল্লেখ্য যে, আৰক্ষীয়ে জব্দ কৰা ব্ৰাউন ছুগাৰ খিনিৰ ওজন ৬৮০ গ্ৰামৰ লগতে ইয়াৰ বহাৰ মূল্য প্ৰায় ৮০ লাখ টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।













